ASSAM TIMES POST
নিউজ ডেস্ক: সমগ্ৰ বিশ্বত ক’ৰ’ণা ভাইৰাছ দ্ৰুতগতিত ভয়ানক হৈ পৰিল৷ চৌদিশে এতিয়া হাহাকাৰ৷ সকলোতে চিন্তা কি দৰে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি৷ চীনত এই ভাইৰাছ যি দৰে বৃদ্ধি পাইছে তাতকৈ ১৭ গুণ বেছি সংক্ৰমিত হৈছে পৃথিৱীৰ আন দেশত৷ চীনৰ হুবেই ৰাজ্যত প্ৰথম আৰম্ভ হৈছিল এই ভাইৰাছ৷ ৰাজ্যখনত মৃত্যুৰ তাণ্ডৱ চলে৷ এতিয়া চীনৰ উপৰি ইউৰোপ আৰু এছিয়াৰ দিশবোৰতো দ্ৰুতগতিত এই ভাইৰাছ বিয়পিবলৈ লৈছে৷ চীনত ইতিমধ্যে ৩৩০০ জন লোকৰ মৃত্যু হৈছে৷

আনহাতে দেশখনত এক লাখৰো অধিক লোক আক্ৰান্ত হৈছে৷ পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল টেড্ৰছ আডামে গেব্ৰেয়েছুছে কয়, ভাইৰাছটো যিকোনো প্ৰকাৰে থাকিব পাৰে৷ এয়া আত্মসমৰ্পণৰ সময় নহয়৷ কোনো অজুহাতৰ সময় নহয়৷ কান্ধত কান্ধ মিলাই এই কঠিন পৰিস্থিতিৰ বিৰুদ্ধে সকলোকে ৰাখিব লাগিব৷উল্লেখ্য যে বিশ্বৰ ৮৫খন দেশলৈ এই ভাইৰাছ বিয়পিছে৷ মৃত্যুৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে৷ আমেৰিকাতো মৃত্যুৰ সংখ্যা বাঢ়িছে৷ আমেৰিকাত ইতিমধ্যে ১২ জন লোক এই ভাইৰাছত মৃত্যু হৈছে৷ ইৰানত ১০৭ জনৰ মৃত্যু হৈছে৷ দক্ষিণ কোৰিয়াত ৪২ জন এই ভাইৰাছত মৃত্যু হৈছে৷













