
গুৱাহাটীৰ চাঞ্চল্যকৰ ৰিয়া তালুকদাৰ গোস্বামী হত্যাকাণ্ডৰ আঁৰত আছিল নেকি নিচা? এতিয়া তদন্ত আগবঢ়াৰ লগে লগে এই প্ৰশ্নটোৱে অধিক গুৰুত্ব লাভ কৰিছে।
২৫ বছৰীয়া ৰিয়াক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। অভিযুক্ত – তেওঁৰ নিজৰ স্বামী। ঘটনাৰ পিছত অভিযুক্ত স্বামীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।
সংবাদমেলত এগৰাকী সাংবাদিকে DCP Eastক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল – এই হত্যাকাণ্ড নিচাৰ ৰাগীত সংঘটিত হৈছিল নেকি?
DCP Eastৰ উত্তৰ আছিল -“সুৰাৰ বটল উদ্ধাৰ হৈছে। আমাক তদন্তৰ বাবে অলপ সময় দিয়ক।”
আৰক্ষীৰ এই মন্তব্যৰ পিছতেই প্ৰশ্ন উঠিছে – নিচাই এই হত্যাকাণ্ডৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে নেকি?
ঘটনাস্থলীৰ পৰা সুৰাৰ বটল উদ্ধাৰ হৈছে বুলি আৰক্ষীয়ে জনাইছে। কিন্তু সুৰাপানেই হত্যাকাণ্ডৰ কাৰণ বা সহায়ক আছিল নে নাই, সেয়া এতিয়াও তদন্তৰ বিষয়।

২৫ বছৰীয়া এগৰাকী যুৱতী। এগৰাকী পত্নী। আৰু নিজৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
এটা জীৱন হেৰাই গ’ল। আন এটা জীৱন হত্যাৰ গোচৰৰ বোজাত তহিলং হৈ গ’ল। কিন্তু প্ৰশ্ন ইয়াতেই শেষ নহয়।
যদি তদন্তত প্ৰমাণিত হয় যে নিচাৰ বাবেই এই হত্যা সংঘটিত হৈছিল, তেন্তে সমাজৰ সন্মুখত আন এটা ডাঙৰ প্ৰশ্ন আহি পৰে –
নিচাজাতীয় দ্ৰব্যৰ এই ভয়ংকৰ বিস্তাৰৰ বাবে দায়ী কোন? সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ কোনে দিয়ে? সুৰা বিক্ৰী নিয়ন্ত্ৰণ কোনে কৰে? আৰু যেতিয়া সুৰাই চৰকাৰক ৰাজহ দিয়ে, তেতিয়া ইয়াৰ সামাজিক পৰিণামৰ দায়িত্ব কোনে ল’ব?
এয়া চৰকাৰক দোষী সজোৱাৰ কথা নহয়। কিন্তু চৰকাৰৰ দায়িত্ব কেৱল সুৰা বিক্ৰী নিয়ন্ত্ৰণ আৰু ৰাজহ সংগ্ৰহতে শেষ হয় নে?
এফালে নিচামুক্ত সমাজৰ কথা কোৱা হয়। আনফালে সুৰাৰ সহজলভ্যতা আৰু ইয়াৰ সামাজিক প্ৰভাৱে গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰি আহিছে।
ৰিয়াৰ মৃত্যুৱে পুনৰ সেই অস্বস্তিকৰ প্ৰশ্নটোক সন্মুখলৈ আনিছে – নিচা কেৱল ব্যক্তিৰ অভ্যাস নে সমাজৰ বাবে ক্ৰমাৎ ভয়ংকৰ হৈ উঠা বিপদ?
আৰু যদি নিচাৰ বাবেই পৰিয়ালৰ ভিতৰত হিংসা, অপৰাধ, আনকি হত্যাকাণ্ড সংঘটিত হয়, তেন্তে দায়িত্ব কেৱল অভিযুক্ত ব্যক্তিজনৰ ওপৰতহে জাপিব লাগিব নে সমাজ আৰু ব্যৱস্থাটোৱেও নিজৰ ভূমিকা পৰীক্ষা কৰি চাব লাগিব?
ৰিয়াৰ মৃত্যু কেৱল আন এটা হত্যাৰ গোচৰ হৈ থাকিব নালাগে। এই কৰুণ ঘটনাই সমাজক বাধ্য কৰক এই প্ৰশ্ন সুধিবলৈ – নিচাৰ মূল্য কি – আৰু আৰু কিমান জীৱনে ইয়াৰ মূল্য দিব লাগিব?












