
গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং উপপথত সংঘটিত ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে।ঘটনাস্থলীত উদ্ধাৰ হৈছে ৰিয়া তালুকদাৰৰ দুটা ভাগত টুকুৰা কৰা মৃতদেহ। অভিযোগ অনুসৰি, এখন দাৰে ঘপিয়াই ৰিয়াক হত্যা কৰাৰ পিছত তেওঁৰ মুণ্ডটো দেহৰ পৰা পৃথক কৰি ফ্ৰীজত ভৰাই থোৱা হৈছিল।

ঘটনাস্থলীৰ মজিয়াত পৰি আছিল মৃতদেহৰ তলৰ অংশ। ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত বুলি সন্দেহ কৰা এখন দা, কেইবাটাও সুৰাৰ বটল আৰু চৌপাশে তেজৰ চেকুৰা উদ্ধাৰ কৰা হৈছে। ঘৰৰ ভিতৰত বহু সামগ্ৰীও সিচঁৰিত হৈ আছিল।
ইফালে, ঘটনাস্থলীত মৃতদেহৰ তলৰ অংশ উলংগ অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।শনিবাৰে নিশা ঘৰৰ ভিতৰৰ পৰা ভয়ংকৰ হুলস্থুল আৰু কান্দোনৰ শব্দ শুনিছিল প্ৰতিবেশীয়ে। স্থানীয় লোকে নিশা প্ৰায় ৮ বজাত শেষবাৰৰ বাবে ৰামানুজন গোস্বামীক দেখা পাইছিল।
প্ৰতিবেশীৰ মতে, ঘৰৰ ভিতৰৰ পৰা কেৱল ৰামানুজন গোস্বামীৰ মাতহে শুনা গৈছিল। তেওঁ শংকিত আৰু ভয়ত কান্দি থকা যেন অনুভৱ হৈছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
ৰিয়া আৰু ৰামানুজনৰ মাজত প্ৰায়ে কাজিয়া হোৱা বুলিও স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। শনিবাৰে ৰামানুজন গোস্বামীয়ে নিজৰ চুলিৰ কাট সলনি কৰিছিল বুলিও তথ্য পোহৰলৈ আহিছে।
আনহাতে, ফ্লেটটোৰ দুৱাৰত ভিতৰৰ পৰা হুক লগোৱা হোৱা নাছিল। এপাত মোজাৰে চেপা দি ফ্লেটটোৰ দুৱাৰ বন্ধ কৰি থোৱা হৈছিল বুলি জানিব পৰা গৈছে।
ইফালে, ৰামানুজন গোস্বামী ড্ৰাগছত আসক্ত আছিল বুলি জানিব পৰা গৈছে। পূৰ্বে তেওঁ তিনি মাহ ধৰি ৰিহাবিলিটেচন চেণ্টাৰত আছিল বুলিও তথ্য পোহৰলৈ আহিছে।
প্ৰায় ছমাহ পূৰ্বে ৰিয়া তালুকদাৰ আৰু ৰামানুজন গোস্বামীৰ বিবাহ হৈছিল। ৰিয়াৰ ঘৰ নুনমাটিত। তেওঁ ফাঁচী বজাৰৰ AC মাৰ্কেটৰ এখন বুটিকত কাম কৰিছিল। পিতৃ-মাতৃহীন ৰিয়াৰ এজন ভায়েক আছে বুলি জানিব পৰা গৈছে।
ঘৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছত প্ৰতিবেশীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ফৰেনচিক দলেও ঘটনাস্থলীত পৰীক্ষা চলায়। ফৰেনচিকৰ প্ৰাথমিক পৰ্যবেক্ষণত ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।
প্ৰাথমিকভাৱে হত্যাকাণ্ডটো ২৪ৰ পৰা ৪৮ ঘণ্টা পূৰ্বে সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ, ঘটনাৰ ক্ৰম আৰু অভিযুক্তৰ ভূমিকা তদন্তৰ পিছতহে স্পষ্ট হ’ব।













