
দিল্লীৰ চাণক্যপুৰীৰ সমীপত হোষ্টেল ভাঙি ৭ জনৰ মৃত্যুক (সোমবাৰে আৰু এজনৰ মৃত্যু) লৈ চৰকাৰৰ জবাবদিহিতাৰ দাবী কৰিছে ককৰোচ জনতা পাৰ্টীয়ে। ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি লয় দলটোৰ আহ্বায়ক অভিজিৎ দীপকেয়ে। তেওঁ অভিযোগ উত্থাপন কৰে যে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলৰ বৃহৎ দলীয় কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকল নিৰাপদ নহয়। অসুৰক্ষিত অট্টালিকাত থাকিবলৈ বাধ্য হৈছে। কেৱল হোষ্টেলেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয়ৰ অৱস্থাও একেই। লগতে অভিযোগ কৰে যে সেইবোৰ সংস্কাৰৰ কোনো উদ্যোগ লোৱা হোৱা নাই।
দেওবাৰে দিনৰ প্ৰায় ১.৩০ বজাত দিল্লী বিশ্ববিদ্যালয়ৰ সমীপত এটা পাঁচ মহলীয়া অট্টালিকা ভাঙি পৰে। এই ঘৰটো ছাত্ৰ-ছাত্ৰীক ‘পেয়িং গেষ্ট’ হিচাপে থাকিবলৈ ভাড়াত দিয়া হৈছিল। এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হৈ দিল্লী এইমছত চিকিৎসাধীন হৈ আছে ১০ জন। অৱশ্যে এই ধ্বংসাৱশেষ এতিয়াও সম্পূৰ্ণৰূপে আঁতৰোৱা হোৱা নাই। ফলত আৰু কিছু লোক ভিতৰত আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। সংগঠনটোৰ সহকাৰী ভাৰপ্ৰাপ্ত দীপক বালিয়ান আৰু ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক বালকৃষ্ণ শুক্লাৰ নেতৃত্বত চিজেপিৰ এটা প্ৰতিনিধি দল দেওবাৰে ঘটনাস্থলীলৈ যায়। উদ্ধাৰ অভিযানতো সহায় কৰে ।

দীপকেয়ে সামাজিক মাধ্যমত লিখিছে, “আন্তঃগাঁথনিৰ বিফলতাৰ মূল্য আৰু কিমান দিন ছাত্ৰ-ছাত্ৰীয়ে দিব লাগিব? উপযুক্ত সহায়ৰ অভাৱত যেনেকৈ দুৰ্গম অঞ্চলত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে, তেনেকৈয়ে ৰাষ্ট্ৰীয় ৰাজধানীতো ছাত্ৰ-ছাত্ৰী সুৰক্ষিত নহয়।” দিল্লীৰ সকলো ‘পেয়িং গেষ্ট’তে নিৰাপত্তা সংক্ৰান্ত নিৰীক্ষণৰ (ছেফটি অডিটৰ) দাবী জনায় দীপকেয়ে। লগতে চৰকাৰৰ জবাবদিহিতাৰো দাবী জনায়।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ত এক অনুষ্ঠানত অংশ লৈছিল। দীপকে আঙুলিয়াই দিয়ে যে সেই অনুষ্ঠানত মোদীয়ে দিয়া ভাষণত ‘ডিমাগী নক্সাল’ শব্দটো ব্যৱহাৰ কৰিছিল। অঞ্চলটোৰ শিক্ষাৰ আন্তঃগাঁথনিৰ অৱস্থাৰ বিষয়ে তেওঁ কিয় মাত মতা নামাতিলে বুলি চিজেপিৰ নেতাজনে প্ৰশ্ন কৰে।
উল্লেখ্য যে যোৱা ৫ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে গোৱা ভ্ৰমণলৈ গৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাত তেওঁ পানাজীৰ সমীপৰ চিম্বেল গাঁৱত বিজেপি দলৰ কাৰ্যালয় উদ্বোধন কৰে। পিছত দিল্লীৰ এটা হোষ্টেল ভাঙি পৰাৰ খবৰ পোৱাৰ পিছতে অনুষ্ঠানটো চমু কৰা হয়। দীপকেয়ে কয়, “বিভিন্ন ৰাজ্যত বিজেপিৰ কাৰ্যালয়ৰ বাবে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে। অৱশ্যে ছাত্ৰ-ছাত্ৰীক অসুৰক্ষিত স্থানত থাকিবলৈ বাধ্য কৰা হৈছে। এয়া কোনো অট্টালিকাৰ প্ৰশ্ন নহয়, দেশৰ যুৱ প্ৰজন্মৰ সুৰক্ষাৰ প্ৰশ্ন।” চৰকাৰে বিদ্যালয়, মহাবিদ্যালয়, হোষ্টেল আৰু অন্যান্য শৈক্ষিক আন্তঃগাঁথনিক গুৰুত্ব দিবলৈও তেওঁ দাবী জনায়।













