
জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ কুখ্যাত কমাণ্ডাৰ ইয়াচিৰ। জম্মু-কাশ্মীৰ আৰক্ষীৰ ‘ম’ষ্ট ৱান্টেড’ তালিকাত আছিল পাকিস্তানী সন্ত্ৰাসবাদীজন।
নির্দিষ্ট তথ্যৰ ভিত্তিত বদগাঁও আৰু পুঞ্চ জিলাৰ সীমান্তত আশদাৰ গালি অঞ্চলত ৰাষ্ট্রীয় ৰাইফেলছ, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথবাহিনীয়ে অভিযান চলাই ইয়াচিৰক খতম কৰা বুলি জনোৱা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে সামাজিক মাধ্যমত ইয়াচিৰক হত্যাৰ সাফল্যৰ কথা জনাই লিখিছে, ‘‘তুমি পলাব পাৰা, কিন্তু লুকাব নোৱাৰিবা!”

সেনাৰ সূত্র মতে, অভিযানৰ সময়ত ইউছমার্গ পাহাৰত নিৰাপত্তাবাহিনীয়ে সন্দেহজনক গতিবিধি লক্ষ্য কৰে আৰু ইয়াচিৰসহ সন্দেহজনক সন্ত্রাসবাদীৰ এটা দলক ঘেৰাও কৰে। ইয়াৰ পিছতেই সন্ত্রাসবাদীৰ দলটোৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। কেইবা ঘণ্টাৰ গুলীয়াগুলীৰ পিছত ইয়াচিৰৰ মৃত্যু হ’লেও বাকীসকলে আত্মগোপন কৰে। জম্মু-কাশ্মীৰ আৰক্ষীৰ আইজি (কাশ্মীৰ জ’ন) সুজিত কুমাৰে ঘটনাস্থলী পৰিদর্শন কৰে। পলাতক সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান চলি আছে।
নিহত ইয়াচিৰৰ পৰা স্বয়ংক্রিয় ৰাইফে, গুলী আৰু যোগাযোগৰ সৰঞ্জাম উদ্ধাৰ কৰা হৈছে। এসময়ৰ লস্কৰ কমাণ্ডাৰ চুলেমান মুছাৰ ঘনিষ্ঠ আছিল ইয়াচিৰ। পৰৱৰ্তী সময়ত মতবিৰোধৰ কাৰণে পৃথক হৈ যায়। তাৰ পিছত নতুন গোট খোলে।













