
মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) এক অনুষ্ঠানৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে বন্দুকসহ দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা এজনৰ পৰা ভুৱা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ আইডি কাৰ্ডো উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি, অনুষ্ঠানটোৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ আগত ব্যক্তিজনে নিজকে ‘প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া’ বুলি চিনাকি দিয়ে। তেওঁৰ লগত থকা আন এজন ব্যক্তিয়েও নিজকে তেওঁৰ দেহৰক্ষী বুলি পৰিচয় দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে সন্ধিয়া বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ নীতা-মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ কথা। তাত তেওঁ ‘গ্ল’বেল ফিনটেক ফিটনেছ’ নামৰ এক অনুষ্ঠান উদ্বোধন কৰিব। মোদী অহাৰ পূৰ্বে সভাস্থলীৰ পৰা দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তেজনা বিয়পি পৰিছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সভাস্থলীত এজন ব্যক্তিয়ে সন্দেহজনকভাৱে চলাচল কৰা দেখা যায়। নিৰাপত্তাৰক্ষীয়ে তেওঁ কিয় আহিছে, তেওঁৰ পৰিচয় কি ইত্যাদি জানিবলৈ চেষ্টা কৰে। তেতিয়া ব্যক্তিজনে নিজকে ‘পিএমঅ’ বিষয়া’ বুলি পৰিচয় দিয়ে আৰু লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ আইডি কাৰ্ড দেখুৱায়।
পিএমঅ’ৰ পৰিচয় পত্ৰখন প্ৰত্যক্ষ কৰি সন্দেহ সৃষ্টি হয় নিৰাপত্তাৰক্ষীসকলৰ। পৰীক্ষা কৰি পৰিচয় পত্ৰখন ভুৱা বুলি গম পায়। লগে লগে তেওঁক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লগতে লোকজনৰ লগত থকা দেহৰক্ষীজনকো তালাচী চলোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁৰ পৰা এটা বন্দুক উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, ভুৱা পৰিচয় দিয়া যুৱকজনৰ নাম ৰোহন পাৰেখ। মুম্বাই আৰক্ষীৰ ক্ৰাইম চাপ্ৰেছন উইঙে মোদীৰ অনুষ্ঠানলৈ ভুৱা পিএমঅ’ পৰিচয় পত্ৰ লৈ যুৱকজন কিয় আহিছিল, তাৰ তদন্ত কৰি আছে।












