ASSAM TIMES POST
গুৱাহাটী : চাকৰি নিয়মীয়াকৰণৰ দাবীৰে মঙলদৈ মহকুমাৰ অবিবি শিক্ষক সন্থা সংবাদ মেল।সংবাদমেল সম্বোধন শিক্ষক সত্যপ্ৰসাদ ডেকা।গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদ মেল সম্বোধন কৰি ডেকা দাবী মহকুমাৰতো ৪০৫ গৰাকী অবিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰক।
উল্লেখ যে ২০০১চনত ৰাজ্য চৰকাৰে ৭০৬৬টা শিক্ষক পদত নিযুক্তি দিছিল।তাৰে ভিতৰত মংগলদৈ মহকুমাত ৪০৪গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছিল।কিন্তু দুৰ্ভাগ্যজনক ভাৱে সাতমাহ চাকৰি কৰাৰ পিছত তেওঁলোকক চাকৰি পৰা উলিয়াই দিয়ে।এই কথা জানিবলৈ দিয়ে শিক্ষক ডেকাই।
সেই সন্দৰ্ভত তেওঁলোকে চাকৰি নিয়মীয়াকৰণ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে।গোচৰৰ সন্দৰ্ভত ন্যায়ালয়ে কয় বিবেচনাৰে শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ কৰক।সেই ৰায় পিছতো চৰকাৰক অনুৰোধ কৰি অহাৰ পিছতো এই পয্যন্ত কোনো গুৰুত্ব দিয়া নাই শিক্ষক সকলৰ দীর্ঘদিনীয় সমস্যা সমাধানৰ বাবে।
ইফালে যদি শিক্ষক সকলৰ সমস্যাৰ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব নিদিলে পুনৰ চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয় অৱমাননা কৰা গোচৰ ৰুজু কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে বৰাই। সংবাদ মেলত উপস্থিত আছিল সন্থা সাধাৰণ সম্পাদক কিশোৰ কুমাৰ নাথ, লোকনাথ ৰাজবংশী প্ৰমুখ্যে বহুকেইজন সদস্য।













