
নীতেশ চিব আৰু বন্ধু এজনে ঘৰতে দুপৰীয়াৰ আহাৰ খাই আছিল। সেই মুহূৰ্ততে পেয়িং গেষ্টটো ভাঙি পৰে। নীতেশ আৰু তেওঁৰ বন্ধু পকী ফলকখনৰ তলত আবদ্ধ হৈ পৰে। ডাঙৰ ফলকখনৰ তলত আবদ্ধ হৈ থকাৰ বাবে লৰচৰ কৰাৰ কোনো উপায় নাছিল। লাহে লাহে তেওঁলোকৰ শৰীৰটো অৱস হৈ আহিছিল। দিল্লীৰ সত্য নিকেতনত ভাঙি পৰা পেয়িং গেষ্টৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হোৱাৰ পিছত তেওঁ কেনেদৰে বাচিল তাৰ ভয়ংকৰ অভিজ্ঞতা নীতেশে বৰ্ণনা কৰে।
দিল্লী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ নীতেশে এনডিটিভিক জনোৱা মতে, ডেৰ ঘণ্টাৰ অন্তত দুয়োকে ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হয়। নীতেশে কয় যে যিহেতু তেওঁলোক ডাঙৰ ফলকখনৰ তলত আবদ্ধ হৈ আছিল, গতিকে প্ৰতিটো মুহূৰ্ততে তেওঁৰ মনলৈ আহিছিল যেন তেওঁলোক আৰু জীয়াই নাথাকিব। কাৰণ উদ্ধাৰকাৰীসকলেও নাজানিছিল কোন ক’ত আবদ্ধ হৈ আছে।

নীতেশৰ দাবী যে তেওঁ আৰু তেওঁৰ বন্ধুৱে কেনেবাকৈ তেওঁলোকৰ লগত থকা মোবাইল ফোনৰ পৰা বন্ধুসকললৈ ৱাটছএপ ‘লকেচন’ আৰু এছ অ’ এছ পঠিয়াইছিল। তেওঁলোকেই উদ্ধাৰকাৰীক অৱগত কৰে। সেই ‘লাইভ লোকেচন’ৰ ওপৰত ভিত্তি কৰিয়েই অনুসন্ধান আৰম্ভ হয়। ডেৰ ঘণ্টাৰ পিছত ধ্বংসাৱশেষৰ তলৰ পৰা দুয়োকে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। তেজ বৈ আছিল, তেওঁলোকৰ শৰীৰ অসাৰ হৈ পৰিছিল।
নীতেশে কয়, “মোৰ গোটেই শৰীৰটো অৱস হৈ গ’ল। মই বুজিব পাৰিলোঁ যে তেজ বৈ আছে। পিছত দেখিলোঁ যে মোক হস্পিতালত ভৰ্তি কৰা হৈছে।” তেওঁলোকে দাবী কৰে যে হোষ্টেলৰ বাসিন্দাসকলে কেতিয়াও অনুমান কৰিব পৰা নাছিল যে সেইটো এদিন ভাঙি যাব। তেওঁ কয়, “ঘৰটো বাহিৰৰ পৰা যথেষ্ট পৰিপাটি আছিল। ঘৰৰ বেৰত কোনো ফাট নাছিল। অৱশ্যে এসপ্তাহ আগতে বেছমেণ্টত মেৰামতিৰ কাম কৰা হৈছিল।” উল্লেখযোগ্য যে উক্ত ঘৰটো ভাঙি ৫ গৰাকী ছাত্ৰসহ ৭ জন লোকৰ মৃত্যু হয়। আহত কেইবাজনো লোক। এই ঘটনাত ইতিমধ্যে আৰক্ষীয়ে ঘৰৰ মালিক, পুত্ৰ আৰু পত্নীক গ্ৰেপ্তাৰ কৰিছে। হোষ্টেলৰ অপাৰেটৰকো গ্ৰেপ্তাৰ কৰা হৈছে।












