ASSAM TIMES POST
কাৰ্বিআংলঙ : অৱশেষত মৃত্যুৰে হাৰ মানিলে এটা ঘৰচীয়া হাতীয়ে ।4 মাৰ্চৰ পৰা গ্ৰহণী ৰোগত আক্ৰান্ত হৈ বন বিভাগৰ কাৰ্যালয়ৰ চৌহদতে মৃত্যুক আকোৱালি লব লগা হল এই হাতীটোয়ে ।ঘটনাটো সংঘটিত হয় পশ্চিম কাৰ্বিআংলঙৰ খেৰনীত । বহু দিন ধৰি সমগ্ৰ অঞ্চলটোত বনৰীয়া হাতীয়ে চলাই অহা সন্ত্ৰাস হ্ৰাস কৰিবলৈ খেৰনী বনবিভাগে হোজাই জিলাৰ ডবকাৰ পশ্চিম যমুনা গাঁৱৰ পৰা যোৱা ১৬ ফ্ৰেব্ৰুৱাৰীত এটা ঘৰচীয়া হাতী আনি খেৰনী আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ৰ চৌহদতে ৰাখিছিল ।অৱশ্যে হাতীটো অনাৰ পৰাৰ বনৰীয়া হাতীৰ সন্ত্ৰাসো বহু পৰিমানে হ্ৰাস পাইছিল ।



যোৱানিশা উক্ত হাতীটোয়ে মৃত্যুক আকোৱালি লব লগা হয় । বনবিভাগৰ পৰা জানিব পৰা মতে, যোৱা 4 ফ্ৰেব্ৰুৱাৰীৰ পৰা হাতীটোয়ে গ্ৰহনী ৰোগত আক্ৰান্ত হৈ পানী পানী পাইখান কৰি আছিল । বনবিভাগে প্ৰথমে খেৰনী পশু চিকিৎসালয়ৰ ডাক্তৰ ৰ জড়িয়তে হাতীটোৰ চিকিৎসা কৰিছিল যদিও শেহতীয়া কৈ হাতীটোৰ গৰাকীয়ে ডবকাৰ পৰাও চিকিৎসক আনি চিকিৎসা প্ৰদান কৰিছিল ।কিন্তু হাতীটো সুস্থ হৈ নুঠিল ।অৱশেষত হাতীটোয়ে মৃত্যুক আকোৱালি লব লগা হল । হাতীটোৰ মৃত্যুত হাতীটোৰ গৰাকীৰ পৰিয়াল তথা সমগ্ৰ খেৰনী অঞ্চলৰ লগতে পাৰ্বত্য জিলা খনতে শোঁকৰ চা পৰিছে ।













