ASSAM TIMES POST
নগাঁও, ৭ মাৰ্চঃ নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা অভিযান চলাই এটা দুৰ্ধষ ডকাইতক গ্ৰেপ্তাৰ কৰাৰ লগতে মৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটো হৈছে ছোট ৰূপহীৰ ছাইদুল ইছলাম(৩৫)। আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আজি পুৱতি নিশা অভিযান চলাই ডকাইত ছাইদুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


ধৃত ডকাইতটোৰ হাতৰ পৰা এটা কাৰখানাত নিৰ্মিত ৭.৬৫ পিষ্টল, এটা মেগজিন, পাঁচ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে। ধৃত ডকাইতটোক সম্প্ৰতি নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে। আজি নগাঁও সদৰ আৰক্ষী থানাত আয়োজিত এক সংবাদ মেলত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ( নিৰাপত্তা ) গুনেন্দ্ৰ ডেকা, বিশেষ শাখাৰ উপ- আৰক্ষী অধীক্ষক জন দাসে এই কথা জানিবলৈ দিয়ে ।













