
পত্নীৰ ডিঙি কাটি মূৰটো ফ্ৰীজত থোৱা আৰু কেইবাটাও টুকুৰা কৰা সেই লোমহৰ্ষক হত্যাকাণ্ডত জড়িত স্বামী ৰামানুজ গোস্বামীৰ দেওবাৰে মাজনিশা মৃত্যু হয়। আৰক্ষীৰ দাবী যে অভিযুক্তই আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যুক সাৱটি লয়। সোমবাৰে পুৱতি নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আনি থকা সময়ত নৰকাসুৰ পাহাৰৰ পথত সংঘটিত হয় এই ঘটনা। অৱশ্যে আৰক্ষীয়ে এই ঘটনাক পূৰ্বতে এনকাউণ্টাৰ বুলি উল্লেখ কৰা কথাটোক নস্যাৎ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰামানুজ গোস্বামীয়ে পত্নীক সন্দেহ কৰিছিল। পত্নী ৰিয়া তালুকদাৰে (২৫) তেওঁক প্ৰতাৰণা কৰা বুলি সন্দেহ। আন এজন পুৰুষৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক থকা বুলিও সন্দেহ কৰে। সেই সন্দেহৰ ভিত্তিত ৰামানুজে ৩ ছেপ্টেম্বৰত ঘৰতে পত্নীক হত্যা কৰে। আনহাতে, ৬ ছেপ্টেম্বৰত চুবুৰীয়াই দুৰ্গন্ধ ওলোৱাৰ কথা প্ৰকাশ কৰে। ইফালে দুয়োৰে সৈতে যোগাযোগ কৰিব নোৱৰাৰ বাবে পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘৰটোত অভিযান চলাই ফ্ৰীজৰ ভিতৰৰ পৰা ৰিয়াৰ কটা মূৰ আৰু কিছু আঙুলিৰ টুকুৰা উদ্ধাৰ কৰে। আনহাতে, ৬ ছেপ্টেম্বৰৰ নিশা ৰামানুজে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। পিছত তেওঁক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক ৭ দিনৰ বাবে নিজৰ জিম্মাত লয়।
আৰক্ষীৰ দাবী, সোমবাৰে পুৱা ৰামানুজক চিকিৎসা পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ লৈ যোৱা হয়। তাৰ পৰা উভতি আহোঁতে নৰকাসুৰ পাহাৰ অঞ্চলত আৰক্ষীক আক্ৰমণ কৰে অভিযুক্তই। ইয়াৰ পিছত পলায়নৰ চেষ্টাত চলন্ত বাহনৰ পৰা জঁপিয়াই পৰে। কিন্তু পাহাৰৰ এটা খাৱৈত পৰে। পিছত ৰামানুজক গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনা সন্দৰ্ভ পূব গুৱাহাটীৰ ডিচিপি টাবুৰাম পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে ৰামানুজ গোস্বামী হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল। দেওবাৰে নিশা ৰামানুজৰ স্বাস্থ্য কিছু পৰিমাণে অৱনতি ঘটাত আৰক্ষীয়ে নিশা প্ৰায় ২ বজাত স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিছিল। কিন্তু জিএমচিএইচলৈ গৈ থকাৰ সময়তে নৰকাসুৰ পাহাৰৰ টিভি টাৱাৰৰ সমীপত আৰক্ষীৰ গাড়ীখনৰ এটা টায়াৰ পাংচাৰ হয়। আৰক্ষীৰ দলটোৱে গাড়ীখন মেৰামতি কৰি পুনৰ যাত্ৰা আৰম্ভ কৰে। কিন্তু নাৰ্ছিং কলেজৰ ওচৰত ৰামানুজে তেওঁৰ কাষত থকা কনিষ্টবলজনক গোৰ মাৰি পিছফালৰ দুৱাৰেৰে তললৈ জাঁপ দিয়ে। ফলত পথৰ ওপৰত পৰি তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু ইয়াৰ পিছতে পুনৰ এটা দ খাৱৈত জাপ মৰাৰ ফলত তেওঁ মূৰত আৰু শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাত পায়। তাৰ পিছত জিএমচিএইচলৈ নিয়া হয় যদিও চিকিৎসকে ৰামানুজক মৃত ঘোষণা কৰে। এই ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবলো আহত হয়।
আনহাতে, ঘটনা সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক দেৱজিৎ চৌধুৰীয়ে জনোৱা অনুসৰি, পুৱতি নিশা ৩.৪১ বজাত আৰক্ষীয়ে ৰামানুজ গোস্বামীক জিএমচিএইচলৈ লৈ গৈছিল যদিও তাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল। পিছত চিকিৎসকে চাই মৃত ঘোষণা কৰে। তেওঁৰ শৰীৰত কোনো ধৰণৰ গুলীৰ আঘাত নাছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব বুলি তেওঁ লগতে কয়।
উল্লখ্য যে গ্ৰেপ্তাৰ হোৱাৰ পিছত ৯ ছেপ্টেম্বৰত আৰক্ষীয়ে ৰামানুজক ঘটনাস্থলীলৈ লৈ গৈছিল। তেওঁ হত্যাকাণ্ডৰ বাবে কোনো ধৰণৰ অনুশোচনা প্ৰকাশ কৰা নাছিল। জে’লৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ ‘ছুগাৰ ডেডী’ বুলি উল্লেখ কৰা পত্নীৰ তথাকথিত প্ৰেমিককো হত্যাৰ ভাবুকি দিয়ে। ইপালে জেৰাৰ সময়ত ৰামানুজে স্বীকাৰ কৰে যে তেওঁ নিজৰ পত্নীক মদ্যপান কৰি হত্যা কৰিছিল। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হয় খালী সুৰাৰ বটল। তেজৰ দাগ লগা চোকা অস্ত্ৰও উদ্ধাৰ কৰা হৈছে। তদন্তকাৰীৰ মতে সেয়াই আছিল হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ।













