ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2026
Reading Time: 1 min read
A A
0
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

RELATED POSTS

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

New Logo Smal | ASSAM TIMES POST
মহানগৰীৰ ৰিয়া তালুকদাৰ গোস্বামী হত্যাকাণ্ডৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে অধিক শিহৰণকাৰী তথ্য। পত্নীক হত্যা কৰাৰ পাছতো অভিযুক্ত ৰামানুজ গোস্বামীয়ে স্বাভাৱিকভাৱে চলাফুৰা কৰি দুবাৰকৈ সুৰা কিনিবলৈ ওলাই যোৱাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে।

চিচিটিভি দৃশ্য অনুসৰি, হত্যাকাণ্ডৰ পাছত ৰামানুজে প্ৰথমবাৰ ৰিয়াৰ স্কুটী লৈ ঘৰৰ পৰা ওলাই গৈছিল। কিছু সময়ৰ পাছত এটা ক’লা পলিথিনৰ মোনা লৈ তেওঁ পুনৰ ফ্লেটত প্ৰৱেশ কৰা দেখা যায়। আৰক্ষীয়ে ৰিয়াৰ ছিন্ন মুণ্ড ক’লা পলিথিনেৰে মেৰিয়াই ফ্ৰিজৰ ভিতৰত উদ্ধাৰ কৰিছিল। অৱশ্যে চিচিটিভিত দেখা মোনাটো আৰু ফ্ৰিজৰ পৰা উদ্ধাৰ কৰা মোনাটো একেটাই আছিল নে নাই, সেয়া আৰক্ষীৰ তদন্ত তথা ফৰেনছিক পৰীক্ষাতহে নিশ্চিত হ’ব।

ইয়াৰ পাছত নিশা ৰামানুজে পুনৰ সুৰা কিনিবলৈ ওলাই যায়। এইবাৰ তেওঁ স্কুটীৰ পৰিৱৰ্তে নিজৰ বাণিজ্যিক বাহনখন লৈছিল। নিচাগ্ৰস্ত যেন লগা ৰামানুজে বাহনখনৰ দুৱাৰ খুলিবলৈও বহু সময় লোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈছে।

তদন্তকাৰী সূত্ৰৰ মতে, পত্নীৰ নিথৰ দেহ ফ্লেটৰ মজিয়াত পৰি থকাৰ সময়তে ৰামানুজে সুৰাপান কৰাৰ লগতে ভাত ৰান্ধি খাইছিল বুলিও সন্দেহ কৰা হৈছে। মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাছত ঘটনাটো পোহৰলৈ আহে। পৰৱৰ্তী সময়ত ৰামানুজে হাতীগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ph | ASSAM TIMES POST
হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

বুধবাৰে আৰক্ষীয়ে ৰামানুজক লৈ বশিষ্ঠপুৰৰ অঞ্জলি গৃহ এপাৰ্টমেণ্টত ঘটনাস্থল পুনৰ্নিৰ্মাণ কৰে। দণ্ডাধীশৰ উপস্থিতিত সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয়।

ঘটনাস্থলীৰ পৰা ৰিয়াৰ ছিন্ন মুণ্ড ৰখা ফ্ৰিজটো, হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা চোকা অস্ত্ৰ, ঘটনাৰ সময়ত অভিযুক্তই পৰিধান কৰা কাপোৰ আৰু অন্যান্য সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। দুটা ম’বাইল ফোনো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইপিনে, দুদিন পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত কোনো অনুশোচনা নাই বুলি দাবী কৰা ৰামানুজে বৃহস্পতিবাৰে সুৰ সলনি কৰি কয়—“বেয়া কাম কৰিছোঁ, আনে নকৰিব।” ইয়াৰ পাছতেই তেওঁ “জয় শ্ৰীৰাম” ধ্বনি দিয়ে। অভিযুক্তৰ এই পৰস্পৰবিৰোধী আচৰণে পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বে ৰামানুজে ৰিয়াৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা এজন ব্যক্তিক হত্যা কৰাৰ ভাবুকিও দিছিল। আৰক্ষীয়ে অভিযুক্তই উল্লেখ কৰা ব্যক্তিজনৰ পৰিচয় আৰু অভিযোগৰ সত্যতা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি আছে। প্ৰয়োজন হ’লে তেওঁক সোধ-পোছৰ বাবে তলব কৰা হ’ব পাৰে।

অৱশ্যে ৰিয়াৰ সৈতে সংশ্লিষ্ট ব্যক্তিজনৰ কোনো সম্পৰ্ক থকা বুলি উত্থাপিত দাবী এতিয়াও আৰক্ষীৰ তদন্তত প্ৰমাণিত হোৱা নাই। হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য, অভিযুক্তৰ নিচাসক্তিৰ সম্ভাব্য ভূমিকা আৰু হত্যাৰ আগ-পিছৰ সম্পূৰ্ণ ঘটনাক্ৰম উদ্ঘাটনৰ বাবে হাতীগাঁও আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

by News Desk
September 7, 2026
55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
57
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড
Guwahati

Shocking Details Emerge in Beltola Murder Case

by News Desk
September 7, 2026
62
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
52
ADVERTISEMENT
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
50
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

September 10, 2026
50
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

September 10, 2026
50
অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

September 10, 2026
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d