
দেওবাৰে সামৰণি পৰে দুদিনীয়া ব্ৰিকছ শীৰ্ষ সন্মিলন। বিভিন্ন দেশৰ প্ৰতিনিধি এজন এজনকৈ উভতি গৈছে। এই শীৰ্ষ সন্মিলনৰ অন্তিমদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ৭ খন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
দক্ষিণ আফ্ৰিকা, ফিলিপাইনছ, ইজিপ্তৰ উপৰি দেওবাৰে মোদীৰ দ্বিপাক্ষিক বৈঠকৰ তালিকাত কাজাখস্তান, বুৰুণ্ডি, উগাণ্ডা, নাইজেৰিয়া আদি দেশ অন্তৰ্ভুক্ত আছে। এই সকলোবোৰ আলোচনাতে মূল গুৰুত্ব আছিল বাণিজ্য, বিনিয়োগ, কাৰিকৰী সহায় আৰু প্ৰতিৰক্ষাৰ ওপৰত। মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে বিৰল খনিজ পদাৰ্থ, আন্তঃগাঁথনি, খাদ্য সুৰক্ষা, প্ৰযুক্তিৰ বিষয়ে কথা পাতে। দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক আৰু কৌশলগত সহযোগিতাৰ সম্পূৰ্ণ পৰিসৰৰ বিষয়ে আলোচনা কৰা হয়। উন্নয়নশীল দেশসমূহক অগ্ৰাধিকাৰ দি ভাৰতে আফ্ৰিকাৰ উন্নয়নৰ বাবে একেলগে কাম কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত মোদীয়ে পাৰস্পৰিক যোগাযোগ, অৰ্থনৈতিক সহযোগিতা, প্ৰযুক্তি, বাণিজ্য আৰু মহাকাশ বিজ্ঞানৰ বিষয়ে আলোচনা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিছিৰ সৈতে হোৱা বৈঠকক ‘অসাধাৰণ’ বুলি অভিহিত কৰে। ভাৰত-ইজিপ্তৰ বন্ধুত্বৰ উপৰি পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ইয়াত ইজিপ্তৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়। উল্লেখ্য যে পশ্চিম এছিয়াত ইৰাণৰ সৈতে আমেৰিকা-ইজৰাইলৰ সংঘাতত ইজিপ্তে আৰম্ভণিৰে পৰাই মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি আহিছে। ইয়াৰ পূৰ্বে মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
ব্ৰিকছ সন্মিলন উপলক্ষে শনিবাৰে নিশা নতুন দিল্লীৰ ভাৰত মণ্ডপমত মোদীয়ে এক ভোজৰ আয়োজন কৰে। বিদেশী অতিথিৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অতিথিও তাত উপস্থিত থাকে। বিজেপিশাসিত ছয়খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলে এই ভোজত অংশগ্রহণ কৰে৷ ইয়াৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও আছিল। নৈশ আহাৰ গ্ৰহণৰ বাবে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কোনো বিৰোধীশাসিত ৰাজ্যই দিল্লীলৈ প্ৰতিনিধি প্ৰেৰণ কৰা নাই।












