
“পলায়ন কৰিলেও বিচাৰি উলিয়াম।” জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদবিৰোধী অভিযান আৰম্ভ কৰাৰ পিছত আৰক্ষীৰ এক্স হেণ্ডেলত এনেদৰে পোষ্ট কৰিছে। ডোডাৰ বিশেষ অভিযান গ্ৰুপ (এছ অ’ জি), ৰাষ্ট্ৰীয় ৰাইফলছ, চিআৰপিএফ আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে শুকুৰবাৰে নিশা এক বৃহৎ অভিযান আৰম্ভ কৰে। সেই নিশা তেওঁলোকৰ অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়। শনিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা তেওঁলোকে তথ্য লাভ কৰে যে ডোডাৰ হাইলেণ্ডত কেইবাজনো সন্দেহযুক্ত লোকক অস্ত্ৰ লৈ ঘূৰি ফুৰা দেখা যায়। সেই তথ্য লাভ কৰাৰ পিছত বাহিনীটোৱে অঞ্চলটোত অভিযান চলায়। ওৰেনিশা গুলীয়াগুলী চলে। শনিবাৰে পুৱা তালাচীৰ সময়ত উদ্ধাৰ হয় এজন সন্ত্ৰাসবাদীৰ মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীজনৰ হাতত কেইবাদিনো আক্ৰমণৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী আছিল। পাকিস্তানী পৰিচয়-পত্ৰও উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে দাবী কৰিছে যে নিহত সন্ত্ৰাসবাদীজন জৈছ সংগঠনৰ।
এজন সন্ত্ৰাসবাদী নিহত হ’লেও বাকীকেইজনৰ অৱস্থানৰ সন্ধান চলোৱা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ এক্স হেণ্ডেলত জৈছ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ দি লিখিছে, “পলাই যাব পাৰে, কিন্তু লুকাই থাকিব নোৱাৰে।” আৰক্ষীৰ সূত্ৰ মতে, তালাচী অভিযানৰ সময়ত আমেৰিকাত নিৰ্মিত এম-৪ কাৰ্বাইন ৰাইফল উদ্ধাৰ কৰা হৈছে। বাকী সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত আছে।













