
ভাৰত আৰু চীনৰ মাজত যাত্ৰীবাহী বিমান ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। এইবাৰ পুনৰ আৰম্ভ হ’বলৈ গৈ আছে দিল্লী-গুৱাংঝু বিমান সেৱা (Delhi-Guangzhou flight service)। দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ দিনা এই কথা ঘোষণা কৰে চাইনা ছাউদাৰ্ণ এয়াৰলাইনছে।
ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে শনিবাৰে দিনৰ ১২ বজাত দিল্লীত অৱতৰণ কৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বিমান। তেওঁৰ সৈতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীকে ধৰি মুঠ ৬৭ জন লোক উপস্থিত হৈছে। ব্ৰিকছ সন্মিলনৰ মাজতে শনিবাৰে সন্ধিয়া ৫.৪৫ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জিনপিঙে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ভাৰত-চীন সন্মিলন আৰম্ভ হোৱাৰ পূর্বে গ্ল’বেল টাইমছে প্রকাশ কৰিছিল যে ছবছৰৰ বাবে নিলম্বিত হোৱাৰ পাছত ২১ ছেপ্টেম্বৰৰ পৰা দিল্লী-গুৱাংঝু বিমান সেৱা পুনৰ আৰম্ভ হ’ব৷ চীনা বিমান সংস্থাটোৱে জনাইছে যে ফলস্বৰূপে দক্ষিণ-পূব এছিয়াৰ ৮ বাৰ অহা-যোৱা যাত্ৰাপথত তেওঁলোকৰ বিমান সেৱাৰ সংখ্যা প্রতি সপ্তাহত ১০০ৰো অধিক হ’ব৷

বিভিন্ন সময়ত ভাৰত আৰু চীনৰ সম্পৰ্কত উত্থান-পতন ঘটিছে। বিগত এটা দশকত কেইবাবাৰো পাৰস্পৰিক সংঘাতৰ পৰিৱেশৰ সৃষ্টি হৈছে। ২০১৭ চনত ডকলামক লৈ দুয়োখন দেশৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত ২০১৯ চনত ছি জিনপিঙে ভাৰত ভ্ৰমণ কৰে। পিছৰ বছৰ লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাই সশস্ত্ৰ সংঘৰ্ষত লিপ্ত হয়। এই সংঘৰ্ষৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি অচলাৱস্থাত আছিল যদিও সেই সময়ত ভাৰত-চীনৰ বিমান যোগাযোগ স্থবিৰ হৈ পৰা নাছিল। কোভিড মহামাৰীৰ সময়ত ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল।
সেই যোগাযোগ এই বছৰৰ আৰম্ভণিৰ পৰা ক্ৰমান্বয়ে আৰম্ভ হৈছে। এপ্ৰিল মাহত এয়াৰ চাইনাই পুনৰ দিল্লী-বেইজিং বিমান সেৱা আৰম্ভ কৰে। যোৱা ১৮ এপ্ৰিলত চীন ইষ্টাৰ্ণ এয়াৰলাইনছে কলকাতা-কুনমিং বিমান সেৱা আৰম্ভ কৰে। ভাৰতৰ ইণ্ডিগ’ এয়াৰলাইনছেও দিল্লী আৰু কলকাতাৰ পৰা চীনলৈ কেইবাখনো বিমান সেৱা আৰম্ভ কৰিছে। এইবাৰ গুৱাংঝুৰ আকাশমাৰ্গো মুকলি হ’ব গৈ আছে। বন্দৰ চহৰ গুৱাংঝৌ চীনৰ এক প্ৰাচীন আৰু অন্যতম গুৰুত্বপূৰ্ণ ব্যৱসায়িক কেন্দ্ৰ। এসময়ত ইয়াৰ নাম আছিল কেণ্টন।












