
প্ৰথমে উত্তৰাখণ্ডত আৰু তাৰ পিছত আৰু তিনিখন বিজেপিশাসিত ৰাজ্যত ইউনিফৰ্ম চিভিল কোড বলৱৎ কৰা হৈছে। এই তালিকাত অসমো আছে। আনহাতে, পশ্চিমবংগকে ধৰি চাৰিখন ৰাজ্যতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইবাৰ বিজেপিশাসিত অন্যান্য ৰাজ্যতো ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা স্পষ্ট কৰি দিয়ে। তেওঁ ঘোষণা কৰে যে ২০২৯ চনৰ ভিতৰত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ শাসিত ২১ খন ৰাজ্যত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰা হ’ব। সেই বছৰতে লোকসভা নিৰ্বাচন।
অমিত শ্বাহে মুম্বাইত এখন সংবাদমেলত নৰেন্দ্ৰ মোদী চৰকাৰে ১২ বছৰৰ ভিতৰত লাভ কৰা সাফল্যৰ বৰ্ণনা কয়, “আমি তিনি তালাক ব্যৱস্থা বিলুপ্ত কৰিছোঁ। ফলত মুছলমান মহিলাই সমান অধিকাৰ লাভ কৰিছে। আমি কেইবাখনো ৰাজ্যত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিছোঁ। মই নিশ্চিত যে ২০২৯ চনৰ ভিতৰত আমি ২১ খন বিজেপি আৰু এনডিএ শাসিত ৰাজ্যত ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিব পাৰিম।”

দেশৰ প্ৰথম ৰাজ্য হিচাপে উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰা হৈছিল ইউনিফৰ্ম চিভিল কোড। ইয়াৰ পিছত গুজৰাট, অসম আৰু মধ্যপ্ৰদেশৰ বিধানসভাতো ইয়াৰ সৈতে জড়িত বিধেয়কসমূহ গৃহীত হয়। পশ্চিমবংগ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু ছত্তীশগড়তো ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই বিধেয়কখন উত্থাপন কৰাৰ পূর্বে এই প্রতিখন ৰাজ্যতে এখন কমিটী গঠন কৰা হৈছে৷ সমিতিৰ পৰামৰ্শৰ পোহৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হৈছে।
মুম্বাইত সংবাদমেলত ভাৰতীয় ন্যায় সংহিতাৰ সফলতাৰ ওপৰতো আলোকপাত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তোলা বুলি কয়। লগতে তেওঁ কয় যে এবছৰৰ ভিতৰত অপৰাধীৰ দোষী সাব্যস্ত হোৱাৰ হাৰ কিছুমান ৰাজ্যত ৩০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। অমিত শ্বাহে আশ্বাস দিয়ে যে দেশত এনে ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত তিনি বছৰৰ ভিতৰত ন্যায় সুনিশ্চিত হ’ব পাৰে।












