
নিৰামিষ বিতৰ্কত নতুন মাত্ৰা সংযোজন কৰিছে ৰাহুল গান্ধীয়ে। ব্ৰিকছৰ শীৰ্ষ সন্মিলনৰ নৈশ আহাৰত নিৰামিষ মেনু থকাক লৈ বিতৰ্ক এতিয়াও অব্যাহত আছে। এই পৰিবেশত ৰাহুল গান্ধীয়ে দেওবাৰে ছ’চিয়েল মিডিয়াত এটা ইংগিতদায়ক পোষ্ট দিয়ে। তাত লোকসভাৰ বিৰোধী দলৰ নেতাজনে দাবী কৰে যে ৮০ শতাংশ ভাৰতীয় আমিষভোজী। যদিও তেওঁ প্ৰসংগটোৰ কথা উল্লেখ কৰা নাছিল, বহুতৰ মতে তেওঁ আচলতে ব্ৰিকছৰ নিৰামিষ মেনুক লৈ কেন্দ্ৰক কটাক্ষ কৰিছে।
ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে উত্তৰ ভাৰতৰ জনপ্ৰিয় নিৰামিষ খাদ্য চোলে ভতোৰেৰ এখন ছবি পোষ্ট কৰি লিখিছে, “মন কৰিবলগীয়া যে ৮০ শতাংশ ভাৰতীয় আমিষভোজী। ভাৰতীয় আমিষ খাদ্যবোৰ সুস্বাদু, যেনে মোৰ ভনীৰ চোলে ভতোৰে।” প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰিয় চোলে ভতোৰে সুস্বাদু আখ্যা দি ৰাহুল গান্ধীয়ে আমিষ আৰু নিৰামিষভোজীৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিছে বুলি বহুতে বিশ্বাস কৰে। তেওঁলোকৰ মতে, ৰাহুল গান্ধীয়ে এই কথা বুজাব বিচাৰিছিল যে সুস্বাদু খাদ্যত নিৰামিষ আৰু আমিষ খাদ্যৰ মাজত কোনো পাৰ্থক্য নাই। অৱশ্যে ৰাহুল গান্ধীয়ে বিষয়টো উত্থাপন নকৰিলেও কংগ্ৰেছ নেতা পৱন খেৰাই ব্ৰিকছৰ মেনুক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক পোনপটীয়াকৈ আক্ৰমণ কৰে। তেওঁ কয়, “ভাৰতীয়সকলে কি খাব বা নাখাব তাক জাপি দিয়াটো বিজেপিৰ অভ্যাস। এইবাৰ তেওঁলোকে (বিজেপি) এখোজ আগুৱাই গৈ বিশ্বৰ বিভিন্ন দেশৰ বিশিষ্ট অতিথিৰ ওপৰত নিজৰ পছন্দ জাপি দিছে।”

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৱশ্যে কংগ্ৰেছৰ অভিযোগ খাৰিজ কৰি দাবী কৰে যে কংগ্ৰেছে খাদ্য তালিকাক লৈও ৰাজনীতি কৰিছে। তেওঁ কয়, “মই বিশ্বাস কৰিব পৰা নাই যে কংগ্ৰেছে ব্ৰিকছৰ নেতাসকলৰ মেনুক লৈও ৰাজনীতি কৰিছে। ভাৰত ভ্ৰমণ কৰা ৰাষ্ট্ৰপতিসকলে নিৰামিষ খাদ্য খাইছে। এই মেনুৱে ভাৰতৰ আঞ্চলিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে আৰু ইয়াৰ সোৱাদ আৰু পুষ্টি মূল্যৰ ক্ষেত্ৰতো সৰ্বোত্তম।”
উল্লেখ্য় যে নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা ব্ৰিকছৰ নৈশ আহাৰত পনীৰ, বাজৰা আৰু জিলাপীৰ ব্যঞ্জন আছিল যদিও আমিষ খাদ্য নাছিল। ইয়াৰ ফলত এক বিতৰ্কৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া প্ৰতিবেদনত দেশত নিৰামিষভোজী আৰু আমিষভোজীৰ সংখ্যাৰ পৰিসংখ্যা দিয়া হোৱা নাই। ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত (২০১৯ৰ পৰা ২০২১ চনৰ সময়ছোৱাৰ) কোৱা হৈছে যে দেশৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৮৩.৪ শতাংশ পুৰুষ আৰু ৭০.৬ শতাংশ মহিলাই কোনোবা নহয় কোনোবা সময়ত মাছ বা মাংস খাইছে।











