গোলাঘাটঃ গোলাঘাটৰ শিশুৰ ওমলা চৰাৰ উদ্যোগত যোৱা ২৮ জুলাইত এমেচাৰ থিয়টাৰ ছ’চাইটিৰ প্ৰেক্ষাগৃহত ‘লাষ্ট ছিলফি উইথ ডাইনছৰ’ শীৰ্ষক এখনি নাটক মঞ্চস্থ কৰা হয়। এজাক শিশুৰ কল্পনা প্ৰৱন মনোজগতৰ এক কলাজ প্ৰদৰ্শন কৰা নাটকখনে উপস্থিত সকলো দৰ্শককে আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ প্ৰাণহীন এটা ডাইনছৰ শিশুসকলে কল্পনাৰে জীবন্ত কৰি তুলি প্ৰথমে ছেলফি তাৰ পিছত পিঠিত উঠি যাত্ৰা কৰিছে মঙগল গ্ৰহলৈ। যাত্ৰা পথত লগ পাইছে ছোটা ভীমক, পাইছে স্পাইডাৰমেন এলিয়েন, দেখিছে ইউ এফঅ’কো। শিশুসকলৰ এনে ধৰণৰ চিন্তা আৰু মনত ভাবি থকা কল্পনাক সুন্দৰভাৱে উপস্থাপন কৰিছে নাটকখনে। শিশুৰ ওমলা চৰাৰ গ্ৰীষ্মকালীন নাট কৰ্মশালা যোগেদি কণ কণ শিশুসকলে প্ৰদৰ্শণ কৰা এই কল্প বিজ্ঞান ভিত্তিক নাটকখনে নাট্যজগতত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি সকলোৱে আশা কৰিছে৷













