
কালি নিশাৰ পৰা হোৱা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগতে কেইবাখনো জিলাত বৰষুণৰ হোৱাৰ ফলত পানী বৃদ্ধি হোৱাত চম্পাৱতী নৈৰ মথাউৰি ভাঙি পৰে। স্থানীয় ৰাইজৰ অভিযোগ জলসিঞ্চন বিভাগৰ গাফিলতিৰ বাবে বহুকেইখন গাঁও বানপানীত প্লাবিত হয়।
গৰুভাষাৰ লাহুটি স্থিত জলসিঞ্চন বিভাগৰ চুইজগেট সময়তে খুলি নিদিয়াত পানী বৃদ্ধি হয় আৰু বহুকেইখন গাঁও প্লাৱিত হয়। আমিনপাৰা, থাইগিৰগুৰী, গোৰশিংপাৰা, উত্তৰ ৰণিখাতা, বালাপাৰ, কুমগুৰী, থাইকাঝোৰা, দৌসমগুৰী, বিশমপুৰ,দাওৰাই গাপনাই, কৰপাগুৰী, চামোদৈসা, আই পোৱালী গাঁৱত বানপানীত প্লাবিত হৈছে বুলি জানিব পৰা গৈছে।

আমিনপাৰ গাঁৱৰ মূলপথৰ ওপৰেদি ভংঙৰ বাবে পানী পাৰ হৈ আছে আৰু স্থানীয় ৰাইজে ভয়ংকৰ বিপদসংকুল ভাৱে যাতায়তৰ কৰা পৰিলক্ষিত হৈছে। চিদলীৰ বিধায়ক পানীৰাম ব্ৰহ্ম, বিটিচিৰ পাৰিষদ জেমচ বসুমতাৰী, শুকুৰ সিং মুছাহাৰী, জিলা আয়ুক্ত গোকুল চন্দ্ৰ ব্ৰহ্ম, জিলা জেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ৰাইজৰ যি সমস্যা সৃষ্টি হৈছে সকলো সমাধান কৰিব বাবে চিৰাং জিলা প্ৰশাসন সাজু হৈছে আছে বুলি জানিব দিয়ে।












