
অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে। মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি অধ্যক্ষ পদৰ পৰা অব্যাহতি বিচাৰে শিল্পীগৰাকীয়ে। পদত্যাগ পত্ৰত সীমান্ত শেখৰে ব্যক্তিগত কাৰণতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে। অৱশ্যে ব্যক্তিগত কাৰণৰ বিষয়ে পত্ৰখনত বিতংভাৱে প্ৰকাশ কৰা নাই শিল্পীগৰাকীয়ে।

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত সীমান্ত শেখৰে অসমৰ কলা, সংস্কৃতি আৰু চলচ্চিত্ৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু সহযোগিতাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে তেওঁ।













