ASSAM TIMES POST
গুৱাহাটী : ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে কামৰূপ(ম) জিলা ড্ৰাই দে ঘোষণা।অহা ৯মার্চত জিলাখনত ড্ৰাই দে ঘোষণা কৰিছে জিলা প্ৰশাসনে।উক্ত দিনা বিয়লি ৪বজালৈ সম্পূৰ্ন জিলাখনত বন্ধ থাকিব সকলো সুৰা বিপনীৰ লগতে প্ৰতিখন বন্ধ ৰখাৰ নির্দেশ প্ৰদান কৰিছে এক নিৰ্দেশনা যোগে।
ইফালে নিৰ্দেশনা যদি কোনো সুৰা বিপনীয়ে অমান্য কৰে তেন্তে তেনে বিপনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা কথা উল্লেখ আছে নিৰ্দেশনাটোত।বিপনীৰ লাইচেন্স পয্যন্ত বাতিল হব পাৰে বুলি উল্লেখ আছে জিলা প্ৰশাসনৰ নির্দেশটোত।
উল্লেখ যে ৰঙৰ উৎসৱ ফাকুৱা পালনৰ সময়ত শান্তি শৃংখলা বজাই ৰখাৰ লগতে সুন্দৰ ভাৱে যাতে সকলোৱে হোলী আনন্দ লব পাৰে তাৰ বাবে ঘোষণা কৰা হৈছে ড্ৰাই ডে।













