
ইউপিআই লেনদেনৰ (UPI transaction) বাবে মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্ত সম্প্ৰতি প্ৰযোজ্য হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ে (Supreme Court) স্থগিতাদেশ জাৰি (Stay order issued) কৰা নাই। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে এই গোচৰত আইনী বিষয়তকৈ কাৰিকৰী বিষয় বেছি।
ইউপিআইৰ কিছুমান ব্যৱসায়িক ক্ষেত্ৰত ২০০০ টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত এই মাচুল আৰোপ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। অঞ্জন দত্ত নামৰ এজন অধিবক্তাই কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে।
শুনানিত কেন্দ্ৰৰ হৈ আদালতত উপস্থিত থাকে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এন ভেংকটাৰমণ। তেওঁ কয় যে এই মাচুল ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। অতিৰিক্ত ছলিচিটৰ জেনেৰেলে কয়, “এই চাৰ্জ ৯৬ শতাংশ লেনদেনত প্ৰযোজ্য নহ’ব। এই চাৰ্জ অত্যাৱশ্যকীয় সেৱাৰ বাবে সৰ্বাধিক ৫ টকাত সীমাবদ্ধ কৰা হৈছে।” মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এইবোৰ শপতনামাৰ জৰিয়তে অৱগত কৰিব লাগিব। এইটো মূলতঃ কাৰিকৰী বিষয়।” ন্যায়াধীশ বাগচিয়ে কেন্দ্ৰক প্ৰশ্ন কৰে, “এয়া কোনো শুল্ক নেকি? যদি নহয়, তেন্তে ইয়াৰ ভিত্তি কি?”

আজিৰ শুনানিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে সকলো পক্ষলৈ জাননী প্ৰেৰণ কৰে। আদালতে জানিব বিচাৰিছে যে কি ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। উচ্চতম ন্যায়ালয়ে আগন্তুক চাৰি সপ্তাহৰ ভিতৰত শপতনামাৰ ৰূপত নিজৰ বিবৃতি দাখিল কৰিবলৈ কেন্দ্ৰ, ৰিজাৰ্ভ বেংক আৰু আন সকলো পক্ষক নিৰ্দেশ দিছে। এনে পৰিস্থিতিত আবেদনকাৰীৰ অধিবক্তাই শপতনামা দাখিল নোহোৱালৈকে কেন্দ্ৰৰ সিদ্ধান্তত স্থগিতাদেশ দিবলৈ আদালতক অনুৰোধ জনায়। কিন্তু মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে গোচৰৰ এই পৰ্যায়ত কোনো ধৰণৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ দিবলৈ সন্মত নহ’ল।
চৰকাৰী অধিসূচনা অনুসৰি, ২০০০ টকা পৰ্যন্ত ইউপিআই লেনদেনৰ বাবে বেংক বা সেৱা প্ৰদানকাৰীৰ পৰা কোনো ধৰণৰ মাচুল লোৱা নহ’ব। ইয়াৰ উপৰি ৰূপে ডেবিট কাৰ্ডৰ জৰিয়তে কৰা সকলো লেনদেনো সম্পূৰ্ণ বিনামূলীয়া হ’ব। নতুন এমডিআৰ কাঠামোৰ অধীনত ২০০০ টকাৰ ওপৰৰ প্ৰত্যক্ষ ইউপিআই পৰিশোধৰ বাবে বিক্ৰেতাৰ ওপৰত ০.৪ শতাংশ মাচুল আৰোপ কৰা হ’ব। এই মাচুল বিক্ৰেতাই তেওঁৰ ‘অধিগ্ৰহণকাৰী বেংক’ (যি বেংকৰ জৰিয়তে ধন গ্ৰহণ কৰা হৈছে) সেই বেংকক প্ৰদান কৰিব। এই মাচুলৰ সৰ্বোচ্চ সীমা (কেপ) হ’ব ৭৫,০০০ টকা বা তাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত ৩০০ টকা। কিন্তু এমডিআৰ প্ৰৱৰ্তনৰ অৰ্থ এইটো নহয় যে গ্ৰাহকে এই খৰচ বহন কৰিব লাগিব।













