ASSAM TIMES POST
নগাঁও : চীন দেশত মহামাৰী ৰূপ ধাৰণ কৰি বিশ্বৰ বিভিন্ন দেশত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা কৰোনা ভাইৰাছক লৈ সমগ্ৰ বিশ্বত আতংক অব্যাহত থকাৰ মাজতে নগাঁৱতো এজন যুৱক এই মাৰাত্মক ভাইৰাছ বিধত আক্রান্ত হোৱাৰ সন্দেহত সংশয় সৃষ্টি হৈছে ।
উল্লেখ্য, দিল্লীৰ গুৰগাঁৱত কৰ্মৰত নগাঁৱৰ এজন যুৱকৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰা বুলি মানুহৰ মুখে মুখে ব্যাপক প্ৰচাৰ চলাৰ পিছত আতংকৰ সৃষ্টি হৈছে । কিন্তু যুবক জনৰ দেহত কৰোনা ভাইৰাছ থকাটো এই পৰ্যন্ত নিশ্চিত হোৱা নাই বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও জিলাৰ উক্ত যুৱকজন গুৰগাঁৱৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল । কেইদিন মান পূৰ্বে তেওঁ আৰু লগৰীয়া কেইজনমান দিল্লীত থকা অৱস্থাতে জ্বৰত আক্ৰান্ত হয় । কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিজে সন্দেহ কৰি যুৱকজন বিমান যোগে ঘৰলৈ ঘুৰি আহে ।
দুদিন পূৰ্বে তেওঁ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আহে । তেওঁ কৰোনা ভাইৰাছত আক্রান্ত হৈছে নেকি সেয়া পৰীক্ষা কৰিবলৈ চিকিৎসালয়খনৰ চিকিৎসকক অনুৰোধ জনায় । চিকিৎসকে বিষয়টোত গুৰুত্ব দি যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ।
যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ পোৱা যাব আৰু তাৰ পিছতহে তেওঁৰ দেহত কৰোনা ভাইৰাছ আছেনে নাই সেয়া গম পোৱা যাব । আনহাতে স্বাস্থ্য বিভাগে যুৱকজনৰ লগতে পৰিয়ালৰ লোকক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ ব্যৱস্থা হিচাপে মুখত মাস্ক পৰিধান কৰোৱাইছে । যুবকজন বৰ্তমান নিজ গৃহত চিকিৎসকৰ নিৰীক্ষণত থকা বুলি জানিব পৰা গৈছে ।













