ASSAM TIMES POST
নিউজ ডেস্ক
ৰাইজৰ মৰম শিল্পী নৱ প্ৰজন্মৰ হাৰ্টথ জুবিন গাৰ্গৰ স্বাস্থ্যৰ উন্নতি।বিগত ১০টাকৈ দিন নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পী গৰাকীক আজি ঘৰলৈ আহিব।ইতিমধ্যে চিকিৎসালয় কতিপক্ষই শিল্পী জুবিনক ৰিলিজ দিয়া বাবে সম্পূৰ্ন কৰিছে সকলো প্ৰস্তুতি।
উল্লেখ যে যোৱা ২৮ফেব্ৰুৱাৰীত গুৱাহাটী টাউন ক্লাবত অনুৰাগ শইকীয়াৰ প্ৰজেক্ট বৰগীতৰ প্ৰথমটো গীত মুকলিৰ অনুষ্ঠানত উপস্থিত থকা সময়তে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছিল শিল্পী জুবিন।তাৰ পিচতে ততাতৈয়াকৈ জুবিনক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী নেমকেয়াৰ চিকিৎসালয়ত।ভৰ্তি কৰোৱা দিনৰ পৰা ৬টাকৈ দিন গুৰুত্বভাৱে অসুস্থ শিল্পী গৰাকীক আইচিইউত ৰখা পিছত যোৱা চাৰিটা দিন ৰখা হৈছিল কেবিনত।
মুঠ দহটাকৈ দিন হাস্পতাল খনৰ ১২গৰাকী জ্যেষ্ঠ চিকিৎসকৰ তত্বধানত শিল্পী গৰাকীৰ বৰ্তমান সম্পূৰ্ন সুস্থ। আনহাতে শিল্পী গৰাকীক আইচিইউ পৰা কেবিনত ৰখাত চিকিৎসালয় ফালৰ পৰা জুবিনৰ কেবিনত ব্যৱস্থা কৰি দিছিল বিশেষ ষ্টুডিঅ।কাৰণ চিকিৎসকৰ মতে জুবিন সুস্থ হোৱা সংগীতেই মূল ঔষধৰ কাম কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে সুস্থ জুবিনক ৰিলিজ দিয়াৰ প্ৰাকমুহূৰ্তত চিকিৎসকে চিকিৎসকে স্বাস্থ্য প্ৰতি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।













