
নিউজ ডেস্কঃ
দিল্লীত (Delhi) আন এগৰাকী মহিলাক নিৰ্যাতন (Girl harassed) চলাই গাড়ীৰে উঠাই নিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে চাণক্যপুৰীত। দেওবাৰে নিশা এখন বিলাসী হোটেলৰ পাৰ্কিং লটত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, নাগালেণ্ডৰ এগৰাকী মহিলা বন্ধু-বান্ধৱীৰ (Nagaland girl harassed) সৈতে হোটেলখনলৈ গৈছিল। পুৱা প্ৰায় ৩.৩০ বজাত হোটেলৰ পৰা ওলাই আহোঁতে তিনিজন যুৱকে এখন মাৰ্চিডিজ গাড়ীত আহি মহিলাগৰাকী আৰু তেওঁৰ সংগীসকলৰ বাট আগচি ধৰে। অভিযোগ অনুসৰি, যুৱককেইজনে হঠাতে নাগালেণ্ডৰ মহিলাগৰাকী আৰু তেওঁৰ এগৰাকী বন্ধুক বলপূৰ্বকভাৱে গাড়ীৰে লৈ যাবলৈ চেষ্টা কৰে।
এই ঘটনা দেখি মহিলাগৰাকীৰ পুৰুষ বন্ধুসকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। অভিযোগ অনুসৰি, তেতিয়াই যুৱক তিনিজন গাড়ীৰ পৰা হকীৰ ষ্টিক, লোহাৰ শিকলি, ৰড আদি লৈ নামি আহে। তেওঁলোকে মহিলাগৰাকীৰ বন্ধুসকলক আক্ৰমণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ইয়াৰে কেইবাজনো আহত হৈছে। মহিলাগৰাকী আৰু তেওঁৰ বন্ধুসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাত দিল্লীৰ মহিলা সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে যোৱা আগষ্ট মাহত দিল্লীত এখন শ্লীপাৰ বাছত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মইনপুৰীৰ বাসিন্দা কিশোৰীগৰাকীয়ে নয়ডাৰ ৬৩নং ছেক্টৰলৈ গৈ আছিল। সেই সময়ত বাছচালক আৰু কণ্ডাক্টৰজনে ধৰ্ষণ কৰি দিল্লীৰ কাশ্মীৰী গে’ট এলেকাত পথত পেলাই দিয়াৰ অভিযোগ। ছেপ্টেম্বৰৰ মাজভাগত দিল্লীৰ স্বৰূপনগৰত পথৰ কাষত উদ্ধাৰ হয় এগৰাকী ছোৱালীৰ অংগচ্ছেদ মৃতদেহ। পিছত তদন্তত দেখা গ’ল যে তেওঁক দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা হৈছে। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহত কলকাজী মন্দিৰৰ সমীপৰ এখন পাৰ্কত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অভিযুক্তই আৰক্ষী বিষয়াৰ পৰিচয় দি কিশোৰীগৰাকীক ভাবুকি দিছিল। ইয়াৰে এজনে পূৰ্বে আৰক্ষীৰ তথ্যদাতা হিচাপেও কাম কৰিছিল।











