
নিউজ ডেস্কঃ
দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাহুল গান্ধীয়ে নিৰ্বাচন সদন অভিমুখে সমদলৰ পৰা হঠাতে দিল্লী আকাশবাণী ভৱনৰ চৌহদত প্ৰৱেশ কৰে। তাৰ বাবে তেওঁলোকে আগতীয়াকৈ কোনো অনুমতি লোৱা নাছিল। এই সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে ৰাহুল-প্ৰিয়ংকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে।
মঙলবাৰে দিল্লীত গোটেই দিনটো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই ‘ভোট চুৰি’ আৰু ‘স্বেচ্ছাচাৰী আৰু অবৈধ কাৰ্যকলাপ’ৰ অভিযোগত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবী জনাই নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰে। তালৈ যোৱাৰ পথত বাধাৰ সন্মুখীন হৈ আকাশবাণী ভৱনৰ সন্মুখত প্ৰায় ৮.৩০ ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত দিল্লী আৰক্ষীয়ে লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কংগ্ৰেছৰ সাংসদকে ধৰি কেইবাজনো বিৰোধী সাংসদক আটক কৰে।

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদসকলে জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত সংসদ চৌহদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সমদল উলিওৱাৰ পৰিকল্পনা কৰিছিল। দিল্লী আৰক্ষীৰ মতে, এই কাৰ্যসূচীৰ বাবেও পূৰ্বে অনুমতি লোৱা নাছিল।
দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল-প্ৰিয়ংকাৰ বিৰুদ্ধে অনুমতি অবিহনে আকাশবাণী ভৱন চৌহদত প্ৰৱেশ কৰি তাত সমবেত হোৱাৰ অভিযোগত এফআইআৰ ৰুজু কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে কোন কোন ধাৰাত গোচৰ ৰুজু কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।












