ASSAM TIMES POST
নিউজ ডেস্ক: চীনত আৰম্ভণি হোৱা মাৰাত্মক কৰ’না ভাইৰাছে আতংক সৃষ্টি কৰিছে এতিয়া সমগ্ৰ বিশ্বত।ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না বিশ্বৰ ১৯৫খন ৰাষ্ট্ৰ।ভিতৰত বৰ্তমান ১০৩খন দেশলৈ বিয়পিল।কৰ’না মানচিত্ৰত শেহতীয়া খবৰ অনুসৰি বাংলাদেশ, মালদ্বীপ, কলম্বিয়া অন্তভুক্ত হৈছে।মুঠৰ ওপৰত ক্ৰমাৎ সমগ্ৰ বিশ্বলৈ বিয়পিছে কৰ’না ভাইৰাছ।
আনহাতে বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি এই পয্যন্ত বিশ্বত প্ৰায় এক লাখৰো অধিক কৰ’নাত আক্রান্ত হৈছে।তাৰে প্ৰায় তিনিঅৰ্ধ সহস্ৰাধিক আক্রান্ত মৃত্যু হৈছে।

ইফালে ভাৰতত বৰ্তমান সময়লৈকে প্ৰায় ৩৯জন ব্যক্তি কৰ’নাত আক্রান্ত হৈছে।আক্রান্ত ২৩জন ভাৰতীয় হোৱা বিপৰীতে ১৬গৰাকী বিদেশী নাগৰিক।ৰাজ্য হিচাপে কেৰেলাত সৰ্বাধিক পাঁচ গৰাকীয় আক্রান্ত হৈছে। ইয়াৰ তিনি গৰাকী সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।













