
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত (Visakhapatnam in Andhra Pradesh) নৃত্য অনুষ্ঠানলৈ গৈছিল গুৱাহাটীৰ নিকটৱৰ্তী চপাইডাঙৰ এগৰাকী যুৱতী হিমাশ্ৰী বড়ো (Himashree Boro)। নৃত্য অনুষ্ঠানৰ অন্তত ঘৰলৈ বুলি ডিব্ৰুগড় বিবেক এক্সপ্ৰেছত (২২৫০৩) উঠে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰে’লত উঠাৰ কিছু সময়ৰ পাছতে যুৱতীগৰাকীয়ে মাতৃক মেছেজ কৰিছিল। তেওঁ মাত্ৰ কৈছিল যে তেওঁ বৰ ভয় খাইছে। তেতিয়াৰে পৰা যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল। ৰে’লৰ পৰাও নিৰুদ্দেশ হৈ গ’ল তেওঁ। দুদিন পিছত অন্ধ্ৰপ্ৰদেশৰ এখন হাবিত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ (Body rescued from the Jangal)।
পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ৫ অক্টোবৰত বিশাখাপট্টনম ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছত উঠিছিল তেওঁ। তেতিয়া নিশা ১১.৫০ বাজিছিল। বিশাখাপট্টনম ষ্টেচনৰ পৰা নিশা ১২.১০ বজাত ৰে’লখন ৰাওনা হয়। ৭ অক্টোবৰত পুৱা ৯.০৫ বজাত গুৱাহাটী পায়হি ৰে’লখন। কিন্তু হিমাশ্ৰীক ৰে’লত পোৱা নগ’ল। ৬ অক্টোবৰৰ পুৱতিনিশা ২.৩৯ বজাত তেওঁৰ সৈতে মাতৃৰ কথা হৈছিল। আনহাতে, এগৰাকী বান্ধৱীক ৰে’লৰ ভিতৰৰ এটা ভিডিও প্ৰেৰণ কৰিছিল। ভিডিওটোত হিমাশ্ৰীৰ ডবাটোত কেইবাজনো যুৱক দেখা গৈছিল আৰু এক হুলস্থুলৰ পৰিবেশৰ সৃষ্টি হৈ আছিল।

আনহাতে, প্লেটফৰ্মৰ চিচিটিভি ফুটেজত এগৰাকী যুৱকে হিমাশ্ৰীক ৰে’লত উঠাই দিয়াও দেখা গৈছিল। কিন্তু ডবাত উঠাৰ কিছু সময় পিছতে হিমাশ্ৰীৰ সৈতে আৰু যোগাযোগ কৰিব পৰা নগ’ল। ইয়াৰ পিছত যুৱতীগৰাকীৰ পৰিয়ালে গুৱাহাটী জিআৰপিত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পিছতে ৰে’ল আৰক্ষীয়ে তালাচী আৰম্ভ কৰে। ৰে’লখনৰ S2 কম্পাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ বেগ। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নাছিল। বুধবাৰে ৰে’ল সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰে’ল আৰক্ষীৰ সৈতে যোগাযোগ কৰে। অন্ধ্ৰপ্ৰদেশৰ মলয়াপুৰমৰ সমীপৰ ৰে’লপথৰ কাষৰ এখন হাবিত নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।
কিন্তু তেওঁ কেনেকৈ হাবিলৈ গ’ল, ৰে’লৰ ভিতৰত কিবা ঘটনা সংঘটিত হৈছিল নেকি, ৰে’ল আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে। কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে হিমাশ্ৰীৰ মৃত্যু কাণ্ড। তেওঁক অপহৰণ কৰি হত্যা কৰা হ’ল নে আত্মহত্যা কৰিলে তাক লৈ এতিয়া জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।













