নিউজ ডেস্ক: প্ৰাক্তন বিজেপি নেত্ৰী তথা সমাজকর্মী মীৰা বৰঠাকুৰলৈ পত্ৰৰ জৰিয়তে ভাবুকি প্ৰদান কোনো অচিনাকি দুৰ্বৃত্ত।আজি পুৱা ঘৰৰ পদূলি মুখত সমাজকর্মী গৰাকীৰ দৃষ্টি গোচৰ হয় ভাবুকি পত্ৰখন।বিশেষ পত্ৰখনত কোনো ব্যক্তি পৰিচয় নাই কিন্তু উল্লেখ আছে অসমপ্ৰেমী বুলি এক বিশেষ পৰিচয়।
বিশেষ পত্ৰখনত উল্লেখ আছে “মীৰ বৰঠাকুৰ নমস্কাৰ গ্ৰহণ কৰিব।কা’ৰ বিৰোধী সভা- সমিতিত ভাষণবাজী বন্ধ কৰক।অসমীয়া হৈ থকাৰ চেষ্টা কৰক।বাংলাদেশী মুছলমানক লৈ ৰাজনীতি কৰা বন্ধ কৰক।মোডী ডাঙৰীয়া বিষয়ে আজি পৰা এটা শব্দ সহ্য কৰা নহব।কা’ৰ বিৰোধী সভাত উচটনিমূলক ভাষণ দি নেতাগিৰী কৰা বন্ধ কৰক।অন্যথা উচিত শাস্তি দিবলৈ বাধ্য হম”।

পত্ৰ খনৰ শেষত নাম জনাৰ প্ৰয়োজন নাই বুলি উল্লেখ আছে ‘পত্ৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ’।ইফালে পত্ৰখন পোৱা পিছতে সমাজকর্মী বৰঠাকুৰে গুৱাহাটী হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ। পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজকর্মী গৰাকীয়ে কয় যিয়ে পত্ৰখন দিছে তেওঁৱে ভয় কৰি দিছে।কাৰণ তেওঁ নামো নাই আৰু পৰিচয়ো নাই।তথাপিও শত্ৰু পক্ষক দুৰ্বল বুলি ভবাটো উচিত নহয় সেই কথা ভাবিয়ে হাটীগাঁও আৰক্ষী থানাত কথাটো জনাই থৈছোঁ।ভৱিষ্যতে কিবা অসুবিধা হলে যাতে কব নোৱাৰে পূৰ্বে আমাক নকলে কিয় বুলি।
আনহাতে এনে ভয় আৰু ভাবুকিৰে কা’ৰ বিৰোধী আন্দোলন স্থবিৰ কৰা কৰবাত প্ৰয়াস চলিছে।এই পত্ৰত এজন হয়তো জড়িত নহয় ইয়াৰ কোনোবা গ্ৰুপ জড়িত আছে বৰঠাকুৰে কয়।মোৰ নিৰাপত্তা ৰাইজে দিব বুলি উল্লেখ কৰি বৰঠাকুৰে আৰু কয় “মোৰ কোনো বিধায়ক মন্ত্ৰী হোৱাৰ বাসনা নাই।কিন্তু পত্ৰখন পাই আচৰিত হৈছোঁ মোক ইমান গুৰুত্বপূৰ্ণ হিচাপে লোৱাটোত”।

উল্লেখ যে বিজেপি চৰকাৰৰ কা’ৰ বিৰুদ্ধে নেত্ৰী বৰঠাকুৰে আৰম্ভণি পৰা গ্ৰহণ কৰিছে এক বলিষ্ঠ প্ৰদক্ষেপ।তাৰ মাজতে এই বিশেষ পত্ৰই প্ৰশ্ন সৃষ্টি কৰিছে সচেতন ৰাইজক।













