ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ’পেনাৰ অৰুণলালক বেংগল ক্ৰিকেট সন্থা (ক্ৰিকেট এছ’চিয়েছন অব বেংগল, চমুকৈ চিএবি)ই চলিত বছৰত জীৱনকৃতী সন্মান জনাব৷ চিএবিৰ সভাপতি সৌৰভ গাংগুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অ’পেনাৰ অৰুণলালক এই সন্মান জনোৱাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে৷
পশ্চিম বংগৰ ক্ৰিকেটত মহান অৱদান আগবঢ়োৱা অৰুণলাল বৰ্তমান প্ৰশিক্ষক৷ পশ্চিম বংগ ক্ৰিকেট দলৰ প্ৰশিক্ষক অৰুণলালে ১৯৮২ চনৰ পৰা ১৯৯৬ চনলৈকে ৰাজ্যখনৰ হৈ ক্ৰিকেটত অনবদ্য অৱদান আগবঢ়াই গৈছে৷
সোঁহতীয়া বেটছমেন অৰুণলালে ১৯৮২ চনৰ পৰা ১৯৮৯ চনলৈকে ভাৰতীয় ক্ৰিকেট দলত অ’পেনাৰ হিচাপে খেলিছিল৷ ১৯৮২ চনত মাদ্ৰাছা (বৰ্তমান চেন্নাই)ত শ্ৰী লংকাৰ বিৰুদ্ধে হোৱা টেষ্টত অৰুণলালৰ ভাৰতীয় ক্ৰিকেট দলত অভিষেক হয়৷ টেষ্ট ক্ৰিকেটত অৰুণলালৰ সৰ্বাধিক স্ক’ৰ হ’ল ৯৩ ৰান৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৰুণলালে সেই ৰান সংগ্ৰহ কৰিছিল৷













