ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত, ৯ মাৰ্চঃ বোকাখাতত ব্ৰহ্মপুত্ৰ যুৱ সমাজ, বােকাখাত উদ্যোগত ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হয় এক কৰ্মশালা। ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীসমূহৰ কল্যাণ বিভাগৰ পৃষ্ঠপােষকতাত “ব্ৰহ্মপুত্র যুব সমাজ”ৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়াকৈ মিচিং, তিৱা, বড়াে আৰু দেউৰী জনগােষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ কর্মশালাৰ পুৱা পতাকা উত্তোলন কৰে ব্ৰহ্মপুত্ৰ যুৱ সমাজৰ সভাপতি কুশল গগৈয়ে। পৰম্পৰাগত নৃত্য কর্মশালাৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী ললিত লইঙে। কৰ্মশালাৰ দুয়োদিনৰ প্ৰশিক্ষক তথা মিচিং জনগোষ্ঠীৰ নৃত্যৰ প্ৰথম দিনৰ কৰ্মশালাৰ আৰম্ভণি কৰে বিকুল চাৰয়ে।


দ্বিতীয় দিনৰ কৰ্মশালাৰ তিৱা জনগোষ্ঠীয় নৃত্যৰ প্ৰশিক্ষক প্ৰসেনজিৎ দুৱৰাই প্ৰশিক্ষণ দিয়ে। আনহাতে দেউৰী আৰু বড়ো জনগোষ্ঠীয় পৰম্পৰাগত নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক ক্ৰমে প্ৰিয়ংকা দেউৰী, পদ্ম দেউৰী আৰু প্ৰসেনজিৎ দুৱৰাই। অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ললিত লইং, অমল দাৱ, অৱনি বৰি, মহেন্দ্ৰ পেগু, ৰাজকুমাৰ পাঠৰি,প্ৰবিন দলে, সীমান্ত মৰাং, কমল পাটগিৰি, দুলাল মৰাং, আৰু বিনন্দ বৰি। বোকাখাতৰ ম’হমাইকী গাৱঁত অনুষ্ঠিত কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰা হয়। ব্ৰহ্মপুত্ৰ যুৱ সমাজৰ হৈ সভাপতি কুশল গগৈ আৰু সম্পাদক জৰ্জ কুমাৰ বৰিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।













