বোকাখাতঃ সাম্প্ৰতিক সময়ত প্ৰতিযোগিতাৰ ধামখুমিয়াত শিশুৰ প্ৰতিভা বিকাশ যেন পৰীক্ষাগাৰৰ গৱেষণাৰ বিষয়বস্তু হৈ পৰিছে। অভিভাৱকৰ নিজৰ অপূৰ্ণতা সন্তানৰ পৰা আহৰণ কৰাৰ অতি প্ৰত্যাশাৰ বোজাত কোমল মনৰ শিশুহঁত উৎসাহিত হোৱাৰ পৰিবৰ্তে হতাশাত ভাঙি পৰিবলৈ ধৰিছে।
বাধ্যবাধকতাৰে নহয়, শিশুৰ প্ৰতিভাৰ বিকাশ স্বতঃস্ফূৰ্ত হওক। অন্যথা সন্তানৰ জীৱন অভিভাৱকৰ একোটা ’ভুল অংক’ৰ সাংঘাটিক বিৰূপ পৰিণাম হ’ব। এই বিষয়বস্তুৰ ভিত্তিতে লিখা নাট্যকাৰ পৰিচালক ৰাতুল ফুকনৰ ’ভুল অংক’ কেৱল এখন নাটক নহয়, শিশুৰ জীৱনক লৈ অভিভাৱকে কৰা সম্পৰীক্ষাৰ প্ৰতিফলন ঘটোৱা এক সুস্পষ্ট আইনা।
সম্প্ৰতি শিশুৰ নাট্যকলাৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ নিবেদনত ইতিপূৰ্বে দুবাৰকৈ ক্ৰমে লক্ষীমপুৰ আৰু দুলীয়াজানত সদৌ অসম ভিত্তিত আৰু এবাৰ গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ নাট্যদলৰ পুৰস্কাৰৰ উপৰি অসমৰ বিভিন্ন মঞ্চত বহুকেইটা শিতানত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা উদীয়মান নাট্যকৰ্মী ৰাতুল ফুকনৰ ’ভুল অংক’ই পুনৰবাৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত নাট প্ৰতিযোগিতাত চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
যোৱা ২৯ জুলাইত শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিশু নাট সমাৰোহত বোকাখাতৰ প্ৰয়াস নাট্য বিদ্যালয়ৰ নিবেদনত নাট্যকাৰ পৰিচালক ৰাতুল ফুকন আৰু উদীয়মান নাট্যকৰ্মী অভিলাষ শৰ্মাৰ নেতৃত্বত ’ভুল অংক’ই ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী (অনন্দিতা ভৰদ্বাজ), শ্ৰেষ্ঠ সহ অভিনেতা (সুদৰ্শন শইকীয়া), শ্ৰেষ্ঠ সংগীত পৰিচালক (অভিলাষ বৰবৰা) আৰু নাট্যদলটিলৈ প্ৰেৰণামূলক বঁটা লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।













