ASSAM TIMES POST
নিউজ ডেস্ক:গুৰুত্বভাৱে অসুস্থ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক আজি পুনৰ অনা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।কিডনী পাথৰ, গ্রেষ্টিক আলচাৰ আৰু খাদ্য নলীত ঘাঁ, কঁকাল বিষত গুৰুত্বভাৱে আক্রান্ত কৃষক নেতা গৰাকী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত তিনিমাহ ধৰি কাৰাৰুদ্ধ হৈ আছে।ক্ৰমাৎ স্বাস্থ্য অৱনতি ঘটিছে কৃষক নেতা গগৈ।
আনহাতে গুৰুতৰ ভাৱে অসুস্থ হৈ পৰা কৃষক নেতা গৰাকীক উন্নত চিকিৎসা প্ৰদান কৰাত চৰকাৰে ব্যৱস্থা নকৰাত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ।তাৰ মাজতে সমগ্ৰ বিষয়তো পাইছে গৈ ৰাষ্ট্ৰসংঘ মজিয়া।

ইফালে তিনিদিন পূৰ্বে নিয়া আদালতত গগৈ হাজিৰ কৰোৱা সময়ত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল চিকিৎসাৰ নামত ভেঁকু-ভাওনা চলা বুলি।তাপয্য পূৰ্ণ ভাৱে উল্লেখ কৰিছিল তেওঁক দিয়া দৰৱ সমূহ খালে মৃত্যুহে হব লাগিব বুলি।













