ASSAM TIMES POST
নিউজ ডেস্ক: স্বাক্ষৰিত বড়ো শান্তি চুক্তি চমুকৈ বিটিআৰ পিছত বহু প্ৰত্যাশিত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি দিন ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে।সেই অনুসৰি অহা ৪এপ্ৰিলত অনুষ্ঠিত হ’ব বিটিচি পৰিষদীয় নিৰ্বাচন।মুঠ ৪০খন আসনৰ বাবে অনুষ্ঠিত হব লগা নিৰ্বাচনৰ বাবে ১১মাৰ্চ অৰ্থাৎ আজি পৰা জাৰি কৰা হল নিৰ্বাচনৰ অধিসূচনা।
ইফালে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থী সকলে অহা ১৮মাৰ্চ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ।১৯মাৰ্চ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষণ আৰু নিৰীক্ষণ কৰা হব।যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ ইচ্ছা কৃত ভাৱে প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে ২১মাৰ্চ আবেলি ৩বজাৰ ভিতৰত আগত কৰিব লাগিব মনোনয়ন প্ৰত্যাহাৰ।

ইফালে ২১মার্চ আবেলি ৩বজাৰ পিছত ঘোষণা কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা। ৮এপ্ৰিলত কৰা হব ভোট গণনা।
এই কথা এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে জড়িয়তে প্ৰকাশ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে।













