ASSAM TIMES POST
নিউজ ডেস্ক: গুৱাহাটী ৰেল ষ্টেচনত নিষিদ্ধ গাঞ্জা আৰু হেৰ’ইন জব্দ।ম্যানমাৰৰ পৰা লৈ অনা অৱস্থাত গুৱাহাটী ষ্টেচনত চৰকাৰীৰ ৰেল আৰক্ষীয়ে এজন সৰবৰাহকাৰীসহ জব্দ কৰে হেৰ’ইন খিনি।আটক কৰা সৰবৰাহ কাৰীজন হৈছে আব্দুল মজিদ।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ১লাখ টকা। হেৰ’ইন খিনি কামৰূপ এক্সপ্ৰেছ জৰিয়তে বেংগালুৰুলৈ নিবলৈ আনিছিল ধৃত আব্দুলে। চৰকাৰী ৰেল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছত উঠিবলৈ লওঁতে ধৰা পেলায় সৰবৰাহ কাৰী জনক।

ইফালে আজি পুৱাই ৰাজধানী এক্সপ্ৰেছ পৰা প্ৰায় ৯০হাজাৰ টকা গাঞ্জা উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে।নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ ডবা নং-এ১ ৰ পৰা জব্দ কৰিছে গাঞ্জাখিনি। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা গাঞ্জাখিনি ওজন ১১কেজি।গাঞ্জা খিনি আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই।













