ASSAM TIMES POST
নিউজ ডেস্ক: বাকী আছিল আনুষ্ঠানিকতা৷ এতিয়া সেয়া পূৰ্ণ হৈ উঠিল৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ হাতৰ পৰা গেৰুৱা পতাকা লৈ আনুষ্ঠানিকভাৱে নাম লিখালে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই৷
মঙলবাৰে অমিত শ্বাহৰ সৈতে বৈঠক হোৱাৰ পাছত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই৷

আজি দুপৰীয়া ১২ বজাত জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদানৰ কথা আছিল৷ কিন্তু দিনৰ ৩ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ওচৰত তেওঁ গেৰুৱা দলত যোগ দিয়ে৷
বিজেপিত যোগ দি মোডী, অমিত শ্বাহ আৰু হাজাৰ হাজাৰ সমৰ্থকে দেখুওৱা পথত আগুৱাই যাম বুলি জ্যোতিৰাদিত্য সিন্ধিয়াই কয়৷
আনহাতে মধ্যপ্ৰদেশ চৰকাৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ বুলি জ্যোতিৰাদিত্য সিন্ধিয়াই উল্লেখ কৰি কয়, এতিয়া কংগ্ৰেছ আগৰ দৰে নহয়৷













