ক্ৰিকেটক নিলগত ৰাখি মহেন্দ্ৰ সিং ধোনীয়ে আজিৰ পৰা নতুন ভূমিকা আৰম্ভ কৰিছে৷ জম্মু আৰু কাশ্মীৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজনে টেৰিটৰিয়েল আৰ্মিৰ সন্মানীয় কৰ্ণেলৰ দায়িত্ব পালন কৰিছে৷ সীমান্তত সেনা বাহিনীৰ সৈতে তহল দিছে ভাৰতৰ বিশ্ব কাপ জয়ী ক্ৰিকেটজনে৷
ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পৰা বিৰত ৰাখি সম্পূৰ্ণ পৃথক মঞ্চত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কজনে৷
ধোনীয়ে সীমান্তত যি সেনা বাহিনীত তহল দিব সেই বাহিনীৰ নাম ’ভিক্টৰ ফৰ্চ’৷ এই সেনা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৌশল অৱলম্বন কৰি যুঁজ দি আহিছে৷ ইপিনে ইয়াত ধোনী তহল আৰু প’ষ্ট ডিউটিত ব্যস্ত থাকিব৷
উইকেটৰ পাছত থাকি বিশ্ব ক্ৰিকেটত এক সুকীয়া স্থান দখল কৰা ধোনীৰ হেলিকপ্টাৰ শ্বট প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ বাবে এক অন্যতম আকৰ্ষণ৷ সেনাৰ হৈ কাম কৰা ধোনীয়ে এতিয়া কঢ়িয়াই লৈ ফুৰিব লাগিব ১৯ কিলোগ্ৰাম ওজন৷ তাৰ ভিতৰত আছে ৩ কিলোগ্ৰামৰ পোচাক, ২ কিলোগ্ৰামৰ জোতা, ৫ কিলোগ্ৰামৰ তিনিটা মেগজিন, ৪ কিলোগ্ৰামৰ গ্ৰেণেড, ৪ কিলোগ্ৰামৰ বুলেটপ্ৰুফ জেকেট আৰু ১ কিলোগ্ৰামৰ হেলমেট৷













