ASSAM TIMES POST
নিউজ ডেস্ক: বাজেট অধিবেশনত বাৰম্বাৰ বাধা দিয়াৰ বাবে যোৱা সপ্তাহত সাতজন কংগ্ৰেছ সাংসদক লোকসভাৰ অধ্যক্ষ ওম বিড়লাই নিলম্বন কৰিছিল৷ বুধবাৰে সেই সাংসদ কেইজনৰ নিলম্বন অধ্যক্ষই প্ৰত্যাহাৰ কৰে৷ দিল্লীত হোৱা হিংসাত্মক ঘটনাক লৈ যোৱা সপ্তাহত আলোচনাৰ দাবীত লোকসভাত সৰৱ হৈছিল সাতজন কংগ্ৰেছ সাংসদ৷
ইপিনে, বিৰোধী দলবোৰৰ প্ৰতিনিধিয়ে অধ্যক্ষৰ ঘৰলৈ গৈ সাতজন সাংসদৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ আৰ্জি জনাইছিল৷ লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, প্ৰতিশোধ হিচাপেই সাতজন কংগ্ৰেছ সাংসদক নিলম্বন কৰিছিল৷ এই সাতজন কংগ্ৰেছ সাংসদ হ’ল গৌৰৱ গগৈ, টি এন প্ৰতাপন, ডিন কুৰিয়াকোছ, বেন্নি বেহানানম, মানিকাম ঠাকুৰ, ৰাজমোহন উন্নিথান আৰু গুৰজিৎ সিং আউজাল৷













