
ঘূৰ্ণীবতাহ অৰ্ণৱে ভূপৃষ্ঠত প্ৰভাৱ বিস্তাৰ কৰা প্ৰক্ৰিয়া সম্পন্ন হ’ল। মঙলবাৰে মাজনিশাৰ পৰাই অন্ধ্ৰপ্ৰদেশৰ উপকূলত আঘাত হানিবলৈ আৰম্ভ কৰে এই ঘূৰ্ণীবতাহে। বুধবাৰে পুৱা স্থলভাগত প্ৰৱেশ কৰে অৰ্ণবৰ সৰ্পিল অংশ। অৱশ্যে তাৰ পিছত ঘূৰ্ণীবতাহৰ গতি কিছু লেহেমীয়া হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, প্ৰায় ছয় ঘণ্টা ধৰি এই প্ৰক্ৰিয়া চলি থাকে। পুৱা ৮.৩০ বজাৰ ভিতৰত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ স্থলভাগত পৰে। তেতিয়াৰ পৰাই ঘূৰ্ণীবতাহৰ শক্তি ক্ৰমান্বয়ে কমি আহিছে। অৰ্ণৱৰ প্ৰভাৱৰ বাবে অন্ধ্ৰ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণৰ খবৰ পোৱা গৈছে। ৰাজ্য দুখনৰ উপকূলীয় অঞ্চলৰ পৰা ১ লাখ ৮০ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। বিদ্যুৎ সেৱাতো ব্যাঘাত জন্মিছে। বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰাৰ খবৰ পোৱা গৈছে।
মঙলবাৰে মাজনিশা অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ পুডুচেৰীৰ য়ানামৰ সমীপত এই প্ৰক্ৰিয়া আৰম্ভ হয়। সেই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১২৫-১৩৫ কিলোমিটাৰ আছিল। কোনো কোনো ঠাইত ঘণ্টাত ১৫০ কিলোমিটাৰ পৰ্যন্ত ধুমুহা আছিল। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে পুৱা ২ বজাৰ পৰা পুৱা ৮ বজালৈ প্ৰবল ঘূৰ্ণীবতাহৰ বাবে বতাহৰ গতিবেগ ঘণ্টাত ১২৫-১৩৫ কিলোমিটাৰ আছিল। অৱশ্যে স্থলপথত ই ক্ৰমে দুৰ্বল হ’বলৈ ধৰে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এই প্ৰক্ৰিয়াৰ সময়ত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা উপকূলত দেখা পোৱা তীব্ৰতা যথেষ্ট হ্ৰাস পাইছে। সময়ৰ লগে লগে তীব্ৰতা কমি যাব।

বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া বুলেটিন অনুসৰি, স্থলপথত প্ৰৱেশ কৰাৰ পিছত অৰ্ণৱৰ বৰ্তমানৰ অৱস্থান নৰছাপুৰৰ পৰা ২০ কিলোমিটাৰ পূব আৰু উত্তৰ-পূব, য়ানাম উপকূলৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পশ্চিম আৰু কাকিনাড়াৰ পৰা ৬০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে। অৰ্ণৱৰ প্ৰভাৱৰ বাবে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত বহু গছ উভালি পৰিছে।
খেলনা গাড়ীৰ দৰে উৰি গৈছে বাইক। অৰ্ণৱৰ বাবে কেইবাখনো বিমান সেৱাও বাতিল কৰা হৈছে। বিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। ৰে’ল সেৱাও ক্ষতিগ্ৰস্ত হৈছে। অনকাপলে, বিশাখাপট্টনম, কাকিনাড়া, কোনাছিমা জিলাৰ বিভিন্ন অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ সংঘটিত হৈছে। কেৱল অন্ধ্ৰতেই নহয়, ওড়িশাৰ গোপালপুৰ, পুৰীকে ধৰি বিভিন্ন অঞ্চলো এই ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। অন্ধ্ৰ আৰু ওড়িশাত জাৰি কৰা হৈছে হাই এলাৰ্ট।












