
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত গাড়ী ৰখাক লৈ হোৱা বিবাদত একেটা পৰিয়ালৰ তিনিজন সদস্যক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃতকৰ এজনৰ বিয়া ঠিক হৈছিল অহা ৫ ডিচেম্বৰত। ইতিমধ্যে এই ঘটনাৰ অভিযুক্ত যুৱক ঋষভ শুক্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৮জন লোকৰ বিৰুদ্ধে ৰুজু হৈছে হত্যাৰ গোচৰ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি দুয়োটা পৰিয়ালৰ মাজত গাড়ী ৰখাক লৈ বিবাদ চলি আছিল। সোমবাৰে এই অশান্তি শিখৰত উপনীত হয়। সেই সময়ত ঋষভে হঠাতে চুবুৰীয়াৰ পৰিয়ালৰ তিনিজন সদস্যৰ ওপৰত গুলীচালনা কৰে। বন্দুকৰ গুলীৰ শব্দ শুনি স্থানীয় ৰাইজে ওলাই আহি শিৱাজী তিৱাৰী, সুয়াশ তিৱাৰী আৰু শম্ভু তিৱাৰীক ৰক্তাক্ত অৱস্থাত পথত পৰি থকা প্ৰত্যক্ষ কৰে আৰু ঋষভ সিহঁতৰ কাষত বহি আছিল। হাতত আছিল পিষ্টল।

অভিযোগ অনুসৰি, স্থানীয় লোকে তিনিওজনক উদ্ধাৰ কৰিবলৈ যাওঁতে ঋষভে তেওঁলোককো গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল। ফলত কোনেও তেওঁলোকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, চকুৰ সন্মুখতে ছটফটাই তিনিওজনৰ লোকৰ মৃত্যু হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ ঋষভক গ্ৰেপ্তাৰ কৰে। তিনিওজন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় ৰাইজেও ঋষভৰ এই আচৰণক লৈ অভিযোগ উত্থাপন কৰিছে।













