ASSAM TIMES POST: ২৪ ঘণ্টাৰ ভিতৰত পুনৰ ৰক্তাক্ত হ’ল আফগানিস্থান৷ বুধবাৰে পুৱা আফগানিস্থানৰ হেৰাত-কান্দাহাৰ ৰাজপথত বোমা বিস্ফোৰণ হয়৷ এই বিস্ফোৰণত বৰ্তমানলৈকে ৩৪ গৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে৷ এই নিহতসকলৰ মাজত মহিলা আৰু শিশু আছে৷ আনহাতে বিস্ফোৰণত বহু লোক আহত হৈছে৷
আহতসকলৰ ভিতৰত বহুৰে অৱস্থা সংকটজনক৷ বুধবাৰে পুৱাই ব্যস্ত হয় হেৰাত-কান্দাহাৰ ৰাজপথ৷ এই ব্যস্ত সময়চোৱাতেই আচম্বিতে এক বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়৷ তাৰ পাছতে প্ৰাণ ৰক্ষাৰ বাবে জনসাধাৰণে দৌৰিবলৈ ধৰে৷ তেনে অৱস্থাত কিছু লোক আহত হয়৷ ইপিনে বিস্ফোৰণত ৰাজপথৰ কাষত মৃতদেহ দেখিবলৈ পোৱা যায়৷
আনহাতে আহতসকলৰ আৰ্তনাদ ভাহি উঠে৷ বিস্ফোৰণৰ খবৰ পায়েই সেই স্থানত উদ্ধাৰকাৰী দল উপস্থিত হয়৷ তাতে ৩৪ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ বিস্ফোৰণত আহত লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷ এই বিস্ফোৰণত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আশংকা কৰা হৈছে৷
উল্লেখ্য যে মঙলবাৰে দক্ষিণ আফগানিস্থানৰ কান্দাহাৰ প্ৰদেশৰ এখন বজাৰত আত্মঘাতী বিস্ফোৰণ সংঘটিত হৈছিল৷ এই দুয়োটা বিস্ফোৰণৰ সন্দৰ্ভত কোনেও দায়িত্ব স্বীকাৰ কৰা নাই৷













