ASSAM TIMES POST
বোকাখাত : অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আত্মনিয়োগ কৰা ‘সাময়িকী’ নামৰ ৱাটচ্ এপ গ্ৰুপটোৰ উদ্যোগত বোকাখাতস্থ উজনি অসম বিকলাংগ কেন্দ্ৰত যোৱা ৮ মাৰ্চত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে লৈ সৃষ্টিশীলতাৰ প্ৰতি উৎসাহিত কৰা আৰু মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে ‘ফাগুনৰ আঁচলত কবিতাৰ এদিন’ শীৰ্ষক কবিতা আৰু গীত-মাতৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷পুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট কবি লেখিকা নিজৰা বৰঠাকুৰে৷ সাময়িকীৰ সচিব প্ৰধান ডিম্পল গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে সাময়িকীৰ সভাপতি কেশৱ কুমাৰ শইকীয়াই।
উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক সমিতিৰ হৈ উদ্যোক্তা অনুষ্ঠানটিৰ সহ সম্পাদক এপলিনা শইকীয়াই৷ সাময়িকীৰ হৈ ডিম্পল গগৈয়ে বক্তব্য আগবঢ়ায়। সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সঞ্চলনাত অনুষ্ঠিত কবি সন্মিলনত অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা সুৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাজ্ঞলি কলিতা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, বিশিষ্ট হেমা চৌধুৰী গগৈ, সাংবাদিক বাবুলাল ম’ৰ , গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপ হেষ্টিংছ বৰি, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া, নুমলীগড় জুনিয়ৰ কলেজৰ অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী ঊষাজোন ফুকনৰ লগতে ৰিজু শইকীয়া বৰদলৈ, নিলীম নয়ন, দীজু হাজৰিকা, হীৰক জ্যোতি বৰা, উজনি অসম বিকলাংগ কেন্দ্ৰৰ অধ্যক্ষা কুঞ্জলতা দাসকে আদি কৰি বহু যথেষ্ট সংখ্যক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা গীত-মাতে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিলে ৷
শলাগৰ শৰাই আগবঢ়ায় সাময়িকীৰ সাংগঠনিক সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে৷ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে লৈ সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষিত কৰি আগবঢ়াই নিয়াত সাময়িকীয়ে লোৱা এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ বোকাখাতবাসীয়ে শলাগ লৈছে।













