ASSAM TIMES POST
নিউজ ডেস্ক : ক’ৰোনা ভাইৰাছৰ আতঙ্কত সকলো দেশৰ বাবেই ভিছা বাতিল কৰিলে ভাৰতে। বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা সংক্রমণক ‘মহামাৰী’ ঘোষণা কৰাৰ পিছতেই কেন্দ্রৰ এই সিদ্ধান্ত। বুধবাৰে মাজনিশা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনৰ নেতৃত্বত মন্ত্ৰী পৰিষদৰ বৈঠকৰ পিছতেই এই ঘোষণা কৰা হৈছে। সময়সীমা ১৫ এপ্রিল পর্যন্ত। অৱশ্যে ৰেহাই দিয়া হৈছে কূটনৈতিক, বিষয়া, ৰাষ্ট্ৰ সংঘ আৰু আন্তর্জাতিক সংস্থাসহ অন্যান্য কেইবাটাও ভিছাৰ ক্ষেত্রত। আজি লোকসভাত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে জনায়, সমগ্ৰ দেশত এই মুহূর্তত ক’ৰোনা আক্রান্তৰ সংখ্যা ৭৩। ইয়াৰ ভিতৰত ৫৬জন ভাৰতীয় আৰু ১৭জন বিদেশী।

ভিছা বাতিল
বুধবাৰে নিশাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে, ‘‘কূটনৈতিক, বিষয়া, ৰাষ্ট্ৰ সংঘ আৰু আন্তর্জাতিক সংস্থাসমূহক বাদ দি ইছ্যু কৰা সকলো ভিছা বাতিল কৰা হৈছে। ১৩ মার্চৰ গ্রিনিছ সময় অনুসাৰে নিশা ১২ বজাৰ পৰাই বিমানবন্দৰসমূহত এই নিয়ম কার্যকৰী হ’ব।’’পূৰ্বে এই ভিছা বাতিল কৰা হৈছিল কেৱল ক’ৰোনা আক্রান্ত দেশসমূহৰ ক্ষেত্রত। অৱশ্যে অন্য কোনো দেশৰ ভিছা লৈ যিসকল ভাৰতত আছে, তেওঁলোকৰ ভিছাৰ ক্ষেত্রত কোনো সমস্যা নাই। কিন্তু যিসকলে জৰুৰী প্রয়োজনত ভাৰতলৈ আহিব বিচাৰে, তেওঁলোকে সংশ্লিষ্ট দেশৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি নুতন ভিছাৰ আবেদন কৰিব পাৰিব। অহা ১৫ এপ্রিল পর্যন্ত এই নির্দেশ কার্যকৰী হৈ থাকিব।













