ASSAM TIMES POST, নতুন দিল্লীঃ দিল্লীৰ ২৫ হাজাৰ স্কুলীয়া শিক্ষাৰ্থী ড্ৰাগছ আসক্ত। বুধবাৰে ৰাজ্যসভাত এই কথা সদৰী কৰে কংগ্ৰেছৰ সাংসদ টি চুবাৰাম ৰেড্ডীয়ে। শূন্যকালীন ঘন্টাত সাংসদজনে কয় যে দিল্লীত ২৫ হাজাৰ স্কুলীয়া শিক্ষাৰ্থীয়ে ড্ৰাগছ সেৱন কৰি অহাৰ বিপৰীতে আৰক্ষীয়ে অন্ধৰ ভূমিকা পালন কৰিছে।
তেওঁ আৰু কয় যে ইয়াত মাদক দ্ৰব্য সহজে উপলব্ধ হয়। কেৱল দিল্লীতে নহয় সমগ্ৰ উত্তৰ ভাৰততে ই ছানি ধৰিছে। ৰাজ্য চৰকাৰখনে ড্ৰাগছ মাফিয়াক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে। শেহতীয়াভাৱে এই প্ৰসংগটো ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া বুলি তেওঁ কয়।
তেওঁ আকৌ কয় যে পাকিস্তান আৰু নাইজেৰিয়াৰপৰা ড্ৰাগছবোৰ ভাৰতলৈ সৰবৰাহ হয়।













