ASSAM TIMES POST
গুৱাহাটী : আবেলি চাৰি বজা লগে-লগে আনুষ্ঠানিক ভাৱে সামৰণি পৰিল বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। মুঠ ১০টা পদৰ বাবে ৩৬গৰাকীৰ প্ৰাৰ্থী ভাগ্য বেলত বাকচত আবদ্ধ কৰিলে ৭৬৬ গৰাকী ভোটাৰে।উল্লেখ যে মুঠ ভোটাৰ আছিল ৮১৬গৰাকী।

ইফালে আজিয়ে ঘোষণা হব নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।সমগ্ৰ নিৰ্বাচন প্ৰক্রিয়া শান্তি পূর্ণ ভাৱে অনুষ্ঠিত কৰা বাবে প্ৰশাসনৰ ফাল পৰা গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।ভোট গণনা কেন্দ্ৰত কেৱল প্ৰাৰ্থী আৰু পুলিং এজেন্টৰ বাহিৰে কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ।













