ASSAM TIMES POST
নগাঁও: নগাঁও আৰক্ষীয়ে কালি নিশা অভিযান চলাই নগাঁও চহৰৰ নিকটবৰ্তী বৰভেটি অঞ্চলৰ মজিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰৰ পৰা ব্ৰাউন ছুগাৰ, হেৰ’ইন সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰে । আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য কোটি টকা হব বুলি জানিব পৰা গৈছে ।

আনহাতে আৰক্ষীৰ অভিযানৰ পূৰ্বেই মজিবুৰ ৰহমানে পলায়ন কৰে । পলাতক মজিবুৰে দীৰ্ঘদিন ধৰি নিচাযুক্ত ড্ৰাগছৰ ব্যৱসায় চলাই অহা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ ।উল্লেখ্য, নগাঁও আৰক্ষীয়ে সময়ে সময়ে নিচাযুক্ত ঔষধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই অহিছে যদিও এচাম ড্ৰাগছ মাফিয়াই নগাঁও চহৰৰ কেতবোৰ স্হানৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত বৰ্তমানেও নিচাযুক্ত ঔষধৰ ব্যৱসায় চলাই অহাত সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ।













