ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ চকুটুপ অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত সাতটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় ।অগ্নিকাণ্ডটোত আবুল হুছেইন,শ্বাহাবুল ইছলাম, নুৰ ইছলাম,ৰিয়াজ উদ্দিন, আবুল কাচেম, চানবাণু, ৰুমেনা নামৰ অঞ্চলটোৰ বাসিন্দা কেইজনৰ ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ।
অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ খবৰ পোৱাৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ পূৰ্বেই ঘৰ কেইটা ভস্মীভূত হয়।অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় বুলি জানিব পৰা গৈছে।অগ্নিকাণ্ডটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।












