ASSAM TIMES POST
বোকাখাত : গোলাঘাট জিলাত সতী সাধনি বিশ্ববিদ্যালয় স্থাপনৰ বাবে অসম চৰকাৰে লোৱা সিদ্ধান্ত চলিত বৰ্ষৰ বাজেট অধিবেশনত অন্তৰ্ভুক্ত হোৱাৰ খবৰে জিলাখনৰ সচেতন মহলৰ মাজত আশাৰ সঞ্চাৰ কৰে। কিন্তু বোকাখাতবাসীৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ উঠিছে প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ বাবে মহকুমাটোত উপযুক্ত মাটি নথকাৰ প্ৰসংগত।
উল্লেখ্য যে বিশ্ববিদ্যালয়খন গোলাঘাট জিলাৰ বোকাখাত মহকুমাত স্থাপন কৰিবলৈ বোকাখাত মহকুমাৰ সাংবাদিকসকলে ইতিপূৰ্বে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাক অনুৰোধ জনাইছিল। কিন্তু জানিব পৰা মতে উপযুক্ত স্থানৰ বাবে মাটি নথকা কাৰণত বিশ্ববিদ্যালয়খন বোকাখাতত স্থাপন হোৱাটো অনিশ্চিত হৈ পৰিছে।
সেয়েহে বোকাখাতৰ তিনি সংবাদসেৱা সংস্থা ক্ৰমে বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাৱ আৰু ইলেকট্ৰনিক মিডিয়া জাৰ্নালিষ্ট এচচিয়েছন, বোকাখাতে মহকুমাটোৰ কাজিৰঙাৰ ডোমজান, ধোদাং, ৰঙাগড়া আৰু পানবাৰী নিগম আদি অঞ্চলত উক্ত প্ৰস্তাৱিত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে উপযুক্ত মাটি থকাৰ কথা উল্লেখ কৰি এই মাটিৰ বৰ্তমান অৱস্থাৰ কথা পৰ্যালোচনা কৰি ইয়াৰে যিকোনো এঠাইত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে সুবিধা কৰি দিবলৈ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ জড়িয়তে অসম চৰকাৰলৈ অনুৰোধ জনাই অলপতে মহকুমাধিপতি গৰাকীৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।













