ASSAM TIMES POST
গুৱাহাটীঃ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বুধবাৰে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় আমিনুল হক লস্কৰ। বৰাক উপত্যকাৰ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়কজনে বিধানসভাৰ খালী হৈ থকা উপাধ্যক্ষৰ আসনখনৰ বাবে মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিছিল। প্ৰসংগক্ৰমে বিৰোধী পক্ষৰ এজনো বিধায়কে এই পদৰ বাবে মনোনয়ন দাখিল নকৰাত মঙলবাৰেই নতুন উপাধ্যক্ষ যে লস্কৰেই হ’ব সেই কথা অৱধাৰিত হৈ পৰিছিল।
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট ৰাজ্যৰ শাসনত অধিষ্ঠিত হোৱাৰেপৰা অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনখন অলংকৃত কৰি আহিছে বৰাক উপত্যকাৰ বিধায়কসকলে। সেই অনুসৰি অসম বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰনাথ গোস্বামীৰ বিপৰীতে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল দিলীপ পাল। তেওঁ শিলচৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। কিন্তু প্ৰায় এবছৰ পূৰ্বে পালে ব্যক্তিগত কাৰণত এই পদ ত্যাগ কৰিছিল। ইয়াৰ পাছত বিনাপ্ৰতিদ্বন্দ্বিতাৰেই উপাধ্যক্ষ নিৰ্বাচিত হৈছিল কৃপানাথ মাল্লা।
তেওঁ বৰাক উপত্যকাৰ কৰিমগঞ্জৰ ৰাতাবাৰীৰ বিধায়ক আছিল। কিন্তু যোৱা লোকসভা নিৰ্বাচনত মাল্লাক বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নিৰ্দেশ অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ লোকসভালৈ নিৰ্বাচিত হোৱাত অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনখন এৰিবলগীয়া হয়। উল্লেখ্য যে বিধানসভাৰ নৱ-নিৰ্বাচিত উপাধ্যক্ষ লস্কৰে কেইমাহমান পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰিছিল।













