ASSAM TIMES POST
বোকাখাত: ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু পথ সুৰক্ষাৰ সকলাে বিধি-বিধান নিশ্চিত কৰাৰ বাবে গােলাঘাট জিলাৰ উপায়ুক্ত মহােদয়ৰ নির্দেশ অনুসৰি গােলাঘাট জিলাৰ সকলাে পেট্রল আৰু ডিজেলৰ অনুজ্ঞাপত্ৰধাৰী খুচুৰা বিক্রেতা প্রতিষ্ঠানক হেলমেট নিপিন্ধাকৈ অহা দুচকীয়া বাহনৰ গৰাকীক পেট্রল বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে।
হেলমেট নিপিন্ধাকৈ অহা মটৰ বাহনৰ চালক বা গৰাকীক পেট্রল বিক্রী অথবা বিধি বহির্ভূতভাৱে পেট্রল বিক্ৰী কৰা কাৰ্যত জড়িত প্রতিষ্ঠানৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তৎকালীন ভাবে বলৱৎ হোৱাকৈ এক নিৰ্দেশনা যোগে জানিবলৈ দিছে।












